বৰপেটা, 9 অক্টোবৰ : চৰকাৰী সকলো কাম-কাজতে আধাৰ কাৰ্ড বাধ্যতামূলক কৰাৰ ফলত বৃদ্ধি পাই আহিছে ইয়াৰ চাহিদা ৷ চৰকাৰী আঁচনিৰ সুফল লাভৰ বাবে প্ৰতিজন লোকে এতিয়া ভিৰ কৰিছে আধাৰ কেন্দ্ৰসমূহত ৷ আনহাতে, মানুহৰ ভিৰৰ সুযোগ গ্ৰহণ কৰি আধাৰ কেন্দ্ৰসমূহে এতিয়া লুটিছে গাঁৱৰ সৰ্বসাধাৰণ দুখীয়া লোকক ৷
আধাৰ কেন্দ্ৰসমূহত চলি থকা অনিয়ম ৰোধৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে গ্ৰহণ কৰা নাই কোনো তৎপৰতা ৷ যাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি কোহোনাৰে ধন চপাইছে একাংশ আধাৰ কেন্দ্ৰৰ কৰ্মচাৰীয়ে ৷ বৰপেটাৰ পালহাজীৰ আজাদ সমবায় সমিতিৰ কাৰ্যালয়ত থকা মোজাম্মিল ওৰফে পাপু নামৰ যুৱকজনৰ নামত থকা এটা আধাৰ কেন্দ্ৰৰ কৰ্মচাৰীয়ে আধাৰ প্ৰস্তুতৰ নামত প্ৰতিজন লোকৰ পৰা আদায় কৰি আহিছে পাঁচশৰ পৰা একহাজাৰ পৰ্যন্ত টকা ৷ টকা নিদিলে মাহৰ পিচত মাহ গ্ৰাহকসকলে ঘূৰি ফুৰিব লাগে বুলি অভিযোগ উত্থাপন হৈছে ৷
আধাৰ প্ৰস্তুত কৰিবলৈ অহা লোকসকলে আধাৰ কেন্দ্ৰটোত চলি থকা ধন সংগ্ৰহৰ কথা নিজ মুখেৰে বৰ্ণনা কৰিছে ৷ আধাৰ প্ৰস্তুতৰ নামত এতিয়া একাংশ আধাৰ কেন্দ্ৰই দৈনিক ৫০ হাজাৰলৈকে টকা সংগ্ৰহ কৰি আছে আৰু কেন্দ্ৰত চলা ধনৰ লেনদেনৰ ভাগ নোপোৱাৰ বাবেই বৰপেটাৰ পালহাজীৰ আজাদ সমবায় সমিতিত চলি থকা এটা আধাৰ কেন্দ্ৰ আজি বন্ধ কৰি দিলে সমবায় সমিতিখনে ৷