অসম

assam

ETV Bharat / state

কলগাছিয়াত আধাৰ কাৰ্ডৰ নামত দুৰ্নীতি - কলগাছিয়া গাঁও পঞ্চায়ত

কলগাছিয়াত স্মাৰ্ট আধাৰ কাৰ্ড বনোৱাৰ নামত ৰাইজৰ পৰা অবৈধভাৱে ধন সংগ্ৰহৰ ঘটনা পোহৰলৈ আহিছে। প্ৰতিখন আধাৰ কাৰ্ড বনোৱাৰ বাবদ ৰাইজৰ পৰা ২০০ৰ পৰা ৩০০ টকা পৰ্যন্ত সংগ্ৰহ কৰি আহিছে কৰ্মচাৰী সকলে।

আধাৰ কাৰ্ডৰ নামত দুৰ্নীতি
আধাৰ কাৰ্ডৰ নামত দুৰ্নীতি

By

Published : Jan 21, 2020, 2:00 PM IST

কলগাছিয়া, 21 জানুৱাৰীঃবৰপেটা জিলাৰ কলগাছিয়া গাঁও পঞ্চায়তৰ কাৰ্যালয় প্ৰাংগণত স্মাৰ্ট আধাৰ কাৰ্ড বনোৱাৰ নামত ৰাইজৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন উঠিছে কৰ্মচাৰীসকলৰ ওপৰত ৷ কলগাছিয়া গাঁও পঞ্চায়তত চলি থকা প্ৰতিখন আধাৰ কাৰ্ড বনোৱাৰ বাবদ ৰাইজৰ পৰা ২০০ৰ পৰা ৩০০ টকা পৰ্যন্ত সংগ্ৰহ কৰি আহিছে কৰ্মচাৰী সকলে ৷ উল্লেখ্য যে,নয়ন জ্যোতি তালুকদাৰ নামৰ এজন ব্যক্তিৰ অধীনত আধাৰ কাৰ্ডৰ কাম চলি আছে যদিও নিয়োজিত কৰ্মচাৰীসকলে ৰাইজৰ পৰা চলাহী কথাৰে ধন আদায় কৰি দুৰ্নীতি সংঘটিত কৰি আহিছে বুলি অভিযোগ কৰে ভুক্তভোগী ৰাইজে ৷ যাৰ ফলত অঞ্চলটোৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ আনহাতে একাংশ লোকৰ পৰা টকা লোৱাৰ দৃশ্য ইতিমধ্যে বন্দী কেমেৰাত বন্দী হৈছে ।

আধাৰ কাৰ্ডৰ নামত দুৰ্নীতি

ABOUT THE AUTHOR

...view details