জনীয়া, 21 নৱেম্বৰঃ কলগাছিয়াৰ বৰটাৰী গাঁৱৰ ২০ বছৰীয়া এজন যুৱক যোৱা 17 নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, চলিত সপ্তাহৰ মঙলবাৰৰ দিনা ঘৰৰ পৰা ওলাই যোৱাৰে পৰা বৰ্তমানেও ঘৰলৈ উভতি অহা নাই যুৱকজন ৷
সন্ধানহীন যুৱকজন হৈছে বৰটাৰী গাঁৱৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সদস্য মুক্তাৰ আলীৰ পুত্ৰ ৰহমত আলী । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, যুৱকজন বহুদিন ধৰি মানসিক ৰোগত ভুগি আছিল ।