অসম

assam

ETV Bharat / state

এগৰাকী প্ৰচাৰ বিমুখ নিপুণ শিল্পী - artist

নিৰ্জীৱ বস্তুটো প্ৰাণ সঞ্চাৰ কৰা বজালীৰ এগৰাকী নিপুন শিল্পী খনিন উজীৰ ৷ যাৰ কৰ্মৰাজিয়ে আপ্লুত কৰিব বহুতৰে মন-প্ৰাণ ৷

নিপুণ শিল্পী
নিপুণ শিল্পী

By

Published : Oct 19, 2020, 4:56 PM IST

পাঠশালা, 19 অক্টোবৰ:এগৰাকী প্ৰচাৰবিমুখ ব্যতিক্ৰমী শিল্পী ৷ যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে নিৰ্জীৱ সমলেও ৷ যাৰ শিল্পীসুলভতা আৰু কৰ্মৰাজিয়ে মুগ্ধ কৰিব সকলোকে ৷ তেওঁৰ হাতৰ পৰশত এক ব্যতিক্ৰমী ৰূপেৰে উদ্ভাষিত হৈছে বজালীৰ কৰদৈগুড়ি উচ্চতম মাধ্যমিক বিদ্যালয়ত থকা এজোপা গছে ৷

বজালীৰ এগৰাকী স্থানীয় শিল্লী খনিন উজীৰে বিদ্যালয় চৌহদত থকা ঔষধী অৰ্জুন গছ জোপাক হাতুৰি-বটালিৰ সহায়ত আকাৰ দিছে ভগৱান বিষ্ণুৰ অন্যতম অৱতাৰ নৰসিংহ হিচাপে ৷ পেছাত তেওঁ এগৰাকী চৰকাৰী শিক্ষক যদিও, তেওঁৰ পৰিচয় এগৰাকী নিপুন শিল্পী হিচাপেও ৷ যিয়ে নিজে পৰিধান কৰা ছাৰ্টৰ বুটামটোও বনাই লৈছে নিজা উদ্ভৱনী চিন্তাৰে ৷ তেওঁৰ ঘৰৰ বেৰত উলমি ৰৈছে নিজ হাতেৰে সাজি লোৱা বাঁহেৰে নিৰ্মিত ঘড়ী, কাগজৰ ডাইনোছৰ ইত্যাদি ৷ আনাহাতে স্থানীয় নামঘৰতো ভাগৱত শোভাযাত্ৰা কৰা বাহনো সাজি উলিয়াইছে তেওঁ ৷ লগতে সেই অঞ্চলত থকা বহু ভাস্কৰ্য মূৰ্তিয়ে বহন কৰিছে তেওঁৰ কৰ্মৰ স্বাক্ষৰ ৷ মুঠতে নিপুন কলাৰ অধিকাৰী শিল্পী খনিন উজীৰৰ কৰ্মৰাজিয়ে বাৰুকৈয়ে আপ্লুত কৰিব বহুতকে ৷

এগৰাকী প্ৰচাৰ বিমুখ নিপুণ শিল্পী

লগতে পঢ়ক:বাইহাটা চাৰিআলিত উদ্ধাৰ এটি দুস্প্ৰাপ্য কাছ

ABOUT THE AUTHOR

...view details