বৰপেটা, ১০ জুন : বৰপেটাৰ দঙৰকুছিত অঘটন ৷ পল্লা নৈৰ দলঙৰ পৰা নৈত পৰি এগৰাকী কিশোৰীৰ সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে ৷ কিশোৰীগৰাকী সোনকুছি কল'নিৰ ৰিয়া মালাকাৰ বুলি জানিব পৰা গৈছে ৷ ৰিয়া মালাকাৰ এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল ৷
বৰপেটাৰ পল্লা নৈত কিশোৰী সন্ধানহীন কিশোৰীজনী চাইকেলেৰে মাহীয়েকৰ ঘৰৰ পৰা নিজ ঘৰলৈ ঘৰলৈ গৈ থকা অৱস্থাতে দলঙখনৰ ৰেলিঙৰ ভগ্ন অংশৰে চাইকেলৰ সৈতে নৈত পৰি যায় কিশোৰীগৰাকী ৷ কিশোৰীগৰাকীক উদ্ধাৰৰ বাবে একাংশ যুৱক দৌৰি আহে যদিও কিশোৰীজনী নৈৰ পানীত ডুব যায় ৷
উল্লেখ্য যে দলঙখনৰ দুৰৱস্তাৰ বাবেই বৃহস্পতিবাৰে এই কৰুণ ঘটনাটো সংঘটিত হয় ৷ ইপিনে কিশোৰীগৰাকীৰ মাতৃ ই-ৰিস্কাৰে গৈ থকাৰ বিপৰীতে কিশোৰীজনী চাইকেলেৰে মাহীয়েকৰ ঘৰৰ পৰা নিজি ঘৰলৈ গৈ থকা অৱস্থাতে শোকাৱহ ঘটনাতো সংঘটিত হয় ৷
কিশোৰীজনীৰ মাতৃয়ে জনোৱা মতে, ধনৰ অভাৱৰ বাবেই মাতৃৰ সৈতে ই-ৰিস্কাৰ সলনি চাইকেলেৰে গৈ আছিল কিশোৰীগৰাকী ৷ উক্ত ঘটনাটোক লৈ বৰপেটাত শোকৰ ছাঁ পৰিছে ৷ ইপিনে স্থানীয় নাগৰিকৰ সহযোগত এছ ডি আৰ এফে কিশোৰী গৰাকীৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক :বুধবাৰে কোকৰাঝাৰত গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল’লে মন্ত্ৰী অশোক সিংঘালে