অসম

assam

By

Published : Jan 22, 2021, 7:42 PM IST

ETV Bharat / state

27 বছৰে দেশৰ জাতীয় পতাকা প্ৰস্তুত কৰি অহা কলগাছিয়াৰ এজন বিশেষ দৰ্জী

বৰপেটাৰ জনীয়া সমষ্টিৰ প্ৰাণকেন্দ্ৰ কলগাছিয়াৰ এই গৰাকী বিশেষ দৰ্জীয়ে দেশৰ জাতীৰ পতাকা প্ৰস্তুত কৰি লাভ কৰে এক সুকীয়া আনন্দ ৷ যাৰ বাবে বিগত 27 বছৰে 26 জানুৱাৰী আৰু 15 আগষ্টৰ পূৰ্বে ৰাইজৰ বাবে জাতীয় পতাকা প্ৰস্তুত কৰি আহিছে এইগৰাকী দৰ্জীয়ে ৷

A tailor who preparing national flag for last 27 years
27 বছৰে দেশৰ জাতীয় পতাকা প্ৰস্তুত কৰি অহা কলগাছিয়াৰ এজন বিশেষ দৰ্জী

জনীয়া,22 জানুৱাৰী: স্বাধীন ভাৰতৰ 72 সংখ্যক গণতন্ত্ৰ দিৱসলৈ মাজত মাথো 4 টা দিন বাকী ৷ গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ এতিয়া সমগ্ৰ দেশৰ সামান্তৰালভাৱে অসমতো দেখা গৈছে ব্যাপক প্ৰস্তুতি ৷ ইয়াৰ মাজতে দেশৰ জাতীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে কলগাছিয়াৰ দৰ্জী পিয়াৰ আলী ৷ জীৱনৰ 27 টা বছৰ ধৰি জাতীয় পতাকা তৈয়াৰ কৰি অহা এই গৰাকী দৰ্জী এতিয়া ভীষণ ব্যস্ত হৈ পৰিছে গণতন্ত্ৰ দিৱসৰ বাবে জাতীয় পতাকা প্ৰস্তুত কৰাত ৷ উল্লেখ্য যে, কলগাছিয়া বজাৰত দৰ্জীৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰা পিয়াৰ আলীয়ে জাতীয় পতাকা প্ৰস্তুত কৰি ভাল পোৱাৰ লগতে গৌৰৱ অনুভৱ কৰে ৷ জীৱনৰ প্ৰথম অৱস্থাত দুই-চাৰিখন পতাকা চিলাই কৰি বিক্ৰী কৰা পিয়াৰ আলীয়ে পাছলৈ 26 জানুৱাৰী আৰু 15 আগষ্ট আহিলেই প্ৰস্তুত কৰি উলিয়াই ভাৰতৰ তিনি বৰণীয়া জাতীয় পতাকাখন ৷

27 বছৰে দেশৰ জাতীয় পতাকা প্ৰস্তুত কৰি অহা কলগাছিয়াৰ এজন বিশেষ দৰ্জী

এইবাৰো ব্যতিক্ৰম নহয় পিয়াৰ আলী ৷ গণতন্ত্ৰ দিৱসৰ বাবে প্ৰয়োজনীয় দেশৰ জাতীয় পতাকা প্ৰস্তুত কৰাত এতিয়া পূৰ্ণোদমে ব্যস্ত হৈ পৰিছে পীয়াৰ আলী ৷ বৃহত্তৰ কলগাছিয়াৰ লগতে বৰপেটা, বৰভিটা, ময়নবৰী, জয়পুৰ, তাৰাকান্দি, বাঘবৰ আৰু গালপাৰাত বিক্ৰী হয় পিয়াৰ আলীয়ে প্ৰস্তুত কৰা জাতীয় পতাকা ৷ সম্প্ৰতি পিয়াৰ আলীৰ ব্যতিক্ৰমী কৰ্মক ভূয়সী প্ৰশংসা কৰিছে ৰাইজে ৷

লগতে পঢ়কঃআৰক্ষীৰ জালত দুৰ্ধৰ্ষ টিক্লা আৰু জহা

ABOUT THE AUTHOR

...view details