জনীয়া , 23 জানুৱাৰী :৭১ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ জাতীয় পতাকা প্ৰস্তুত কৰিছে কলগাছিয়াৰ দৰ্জী পিয়াৰ আলীয়ে । বিগত ২০ বছৰ ধৰি নিজ হাতে জাতীয় পতাকা তৈয়াৰ কৰি আহিছে পিয়াৰ আলীয়ে । প্ৰতি বছৰে গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তেওঁ নিজ হাতেৰে প্ৰস্তুত কৰি উলিয়াই দেশৰ স্বভিমান তিনিবৰণীয়া জাতীয় পতাকাখন । পিয়াৰ অলীয়ে জীৱনৰ প্ৰথম অৱস্থাত দুই-চাৰি খন পতাকা চিলাই কৰি বিক্ৰী কৰিছিল যদিও পাছলৈ সৰহ সংখ্যক পতাকা চিলাই কৰি বিভিন্ন স্থানলৈ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে ৷ বৃহত্তৰ কলগাছিয়াৰ লগতে বৰপেটা, বৰভিটা, ময়নবৰী, জয়পুৰ, তাৰাকান্দি, বাঘবৰ আদি অঞ্চললৈ পিয়াৰ আলীয়ে প্ৰস্তুত কৰা জাতীয় পতাকা প্ৰেৰণ কৰে । প্ৰতিখন পতাকাৰ মূল্য ১৫০ টকাৰ পৰা ২৫০ টকা পৰ্যন্ত । সম্প্ৰতি পিয়াৰ আলীৰ কৰ্মক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় ৰাইজে ।
২০ বছৰে জাতীয় পতাকা তৈয়াৰ কৰি অহা এগৰাকী দৰ্জী
গণতন্ত্ৰ দিৱসলৈ মাজত মাঁথো দুটা দিন ৷ 71 সংখ্যক গণতন্ত্ৰ দিৱসৰ বাবে জাতীয় পতাকা প্ৰস্তুত কৰি উলিয়াইছে কলগাছিয়াৰ পিয়াৰ আলীয়ে ৷ বিগত 20 বছৰে নিজ হাতেৰে পতাকা প্ৰস্তুত কৰি আহিছে এইগৰাকী দৰ্জীয়ে ৷
২০ বছৰে জাতীয় পতাকা তৈয়াৰ কৰি অহা এগৰাকী দৰ্জী