অসম

assam

ETV Bharat / state

বিদ্যালয় আছে শিক্ষক নাই, অনুষ্ঠিত নহ'ল পৰীক্ষা - Kalgachia News

School without teacher: কলগাছিয়াত শিক্ষা বিভাগৰ নাভূত-নাশ্ৰুত কাণ্ড । ৪৫২ নং খাতাৰটাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অভাৱত অনুষ্ঠিত নহ'ল পৰীক্ষা । ১৫ দিন ধৰি অনুপস্থিত বিদ্যালয়খনৰ একমাত্ৰ প্ৰধান শিক্ষক চুলতান মামুদ । শিক্ষক অবিহনে বিদ্যালয়লৈ আহি খেল-ধেমালি কৰি উভতি যায় ছাত্ৰ-ছাত্ৰী । ক্ষোভিত অভিভাৱক তথা স্থানীয় ৰাইজ।

Headmaster absent for 15 days in Kalgachia
বিদ্যালয় আছে শিক্ষক নাই, অনুষ্ঠিত নহ'ল পৰীক্ষা

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 12:33 PM IST

বিদ্যালয় আছে শিক্ষক নাই, অনুষ্ঠিত নহ'ল পৰীক্ষা

জনীয়া,২৯ ডিচেম্বৰ:চৰকাৰী শিক্ষাখণ্ডৰ আমোল পৰিৱৰ্তনৰ জয়গান গোৱাৰ সময়তে পোহৰলৈ আহিছে বিভিন্ন প্ৰান্তৰ চৰকাৰী বিদ্যালয়ৰ শোচনীয় ৰূপটো । কোনো স্থানত যদি আন্তঃগাঁথনিৰ অভাৱ, আন কোনো স্থানত আকৌ শিক্ষকৰ মইমতালিৰ বাবে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী । এইবাৰ বৰপেটা জিলাৰ কলগাছিয়াস্থিত ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ত দেখা গ'ল প্ৰধান শিক্ষকৰ চৰম অৰাজকতা ।

ভাৰত স্বাধীন হোৱাৰ পূৰ্বতেই অৰ্থাৎ ১৯৩৫ চনতে স্থাপিত ৪৫২ নং খাতাৰটাৰী প্ৰাথমিক বিদ্যালয়খনৰ একমাত্ৰ প্ৰধান শিক্ষক চুলতান মাহমুদে স্থানীয় ৰাইজ তথা বিদ্যালয় পৰিচালনা সমিতিক অৱগত নকৰাকৈ বিগত পোন্ধৰ দিন ধৰি বিদ্যালয়ত অনুপস্থিত থকাৰ ফলত অনুষ্ঠিত নহ'ল পৰীক্ষা । সেয়ে শিক্ষক অবিহনে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ আহি পৰীক্ষাত অৱতীৰ্ণ হোৱা দুৰৰে কথা, খেল-ধেমালি কৰি উভতি যাব লগা হয় ।

বিদ্যালয় আছে যদিও এজনো শিক্ষক নথকাত ছাত্ৰ-ছাত্ৰী‌ৰ ভৱিষ্যতকলৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল । জানিব পৰা মতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক চুলতান মাহমুদে শিক্ষা বিভাগৰ লগত গোপন আলোচনা কৰি তেখেতৰ সুবিধা অনুযায়ী অন্য এখন বিদ্যালয়লৈ বদলি হয় । ৰাইজৰ অজ্ঞাতে কণ-কণ ছাত্ৰ ছাত্ৰী‌ৰ ভৱিষ্যতকলৈ হেতালি খেলা প্ৰধান শিক্ষক চুলতান মাহমুদৰ এনে দায়িত্ব জ্ঞানহীন কৰ্ম-কাণ্ডৰ লগতে শিক্ষা বিভাগৰ এনে কাণ্ডক গৰিহণা দিছে ৰাইজে ।

দীৰ্ঘদিনৰ পৰা বিদ্যালয়খন মাত্ৰ এজন শিক্ষকেৰে চলি আছিল যদিও আন শিক্ষক নিযুক্তি নিদিয়াকৈ কিদৰে প্ৰধান শিক্ষকক বদলি কৰিবলৈ পালে বুলি শিক্ষা বিভাগক প্ৰশ্ন উত্থাপন কৰে ৰাইজে । সম্প্ৰতি অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খন যদি শিক্ষকৰ অভাৱত বন্ধ হৈ যায় তেন্তে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত কি হব ? এই লৈ প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ মাজত । অসম চৰকাৰৰ শিক্ষা বিভাগে এই স্পৰ্শকাতৰ বিষয়টোক কিমান গুৰুত্ব সহকাৰে লয় সেয়া সময়ত হ'ব লক্ষণীয় ।

লগতে পঢ়ক:ডিব্ৰুগড়ৰ বিদ্য়ালয়তেই বজাৰৰ জ্ঞান দিলে শিক্ষাৰ্থীক

ABOUT THE AUTHOR

...view details