অসম

assam

By

Published : Sep 23, 2020, 2:00 PM IST

ETV Bharat / state

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এটা দুৰ্ভগীয়া পৰিয়াল

মানুহক জীয়াই থাকিবলৈ খাদ্য,বস্ত্ৰ আৰু বাসস্থানৰ বাহিৰেও লাগে এটা পৰিৱেশ ৷ সকলোৱে নিজ সন্তানক দিব বিচাৰে সকলো সুখ ৷ কিন্তু পাঠশালাৰ এটা পৰিয়ালে দিনৰ পাছত দিন পাৰ কৰিছে এমুঠি অন্নৰ বাবে ৷ নিজ সন্তানক অনাহাৰে ৰাখিব লগীয়া হোৱাত চকুলো টুকিছে পিতৃ প্ৰমোদ কাকতিয়ে ৷

A poor family in a pathasala
পাঠশালাৰ এটি দুৰ্ভগীয়া পৰিয়াল

পাঠশালা,23 ছেপ্টেম্বৰ: অন্ন, বস্ত্ৰ আৰু বাসস্থান হৈছে জীৱশ্ৰেষ্ঠ মানুহৰ জীৱন ধাৰণৰ প্ৰধান সমল ৷ কিন্তু তাৰেই অভাৱত পাঠশালা নগৰৰ মাজমজিয়াত এজন ব্যক্তিয়ে কটাইছে দুৰ্বিসহ জীৱন ৷ এমুঠি অন্নৰ বাবে হাহকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে ব্যক্তিগৰাকীৰ ৷ এই ব্যক্তিগৰাকী হৈছে পাঠশালা নগৰৰ 6নং ৱাৰ্ডৰ প্ৰমোদ কাকতি ৷ প্ৰমোদ কাকতিয়ে বিগত 20 বছৰ ধৰি পত্নী আৰু সন্তানৰ সৈতে গোহালি সদৃশ পৰিৱেশত দিন পাৰ কৰিছে ৷ দুৰ্ভগীয়া পৰিয়ালটোৰ গৃহত নাই বিদ্যুতৰ ব্যৱস্থা ৷ কোনোমতে দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দি আহিছে প্ৰমোদ কাকতিয়ে ৷

পাঠশালাৰ এটি দুৰ্ভগীয়া পৰিয়াল

ইফালে, লক ডাউনৰ বাবে সকলো বন্ধ হৈ পৰাত ব্যক্তিগৰাকীয়ে নোপোৱা হৈছে দিন-হাজিৰা ৷ যাৰ বাবে এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে পৰিয়ালটিয়ে ৷ চৰকাৰ তথা বিভিন্ন দল-সংগঠনে লক ডাউনৰ সময়ত বহু পৰিয়ালক সহায় কৰিছে যদিও এই পৰিয়ালটোৱে বৰ্তমানলৈ লাভ কৰা নাই কোনো সাহায্য ৷ নিজ সন্তানক এমুঠি অন্ন যোগান ধৰিব নোৱাৰাত এতিয়া চকুলো টুকিছে শাৰিৰীক ভাৱে অসুস্থ পিতৃ প্ৰমোদ কাকতিয়ে ৷

অন্য এক খবৰৰ বাবে: ক'লাজান নৈত উদ্ধাৰ হাত-ভৰি বন্ধা অচিনাক্ত মৃতদেহ

আনহাতে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালসমূহক এটিকৈ গৃহ প্ৰদানৰ ব্যৱস্থা প্ৰধানমন্ত্ৰী মোদীয়ে কৰে যদিও আজিলৈকে এই দৰিদ্ৰ পৰিয়ালটোৱে লাভ কৰা নাই চৰকাৰী এটি গৃহ ৷ যাৰ বাবে চৰকাৰলৈ কাতৰ আহ্বান কৰি দুৰ্ভগীয়া পৰিয়ালটোৱে বিচাৰিছে অলপ সহায় ৷

ABOUT THE AUTHOR

...view details