জনিয়া, 16 আগষ্ট :"মিঞা বিবি ৰাজি ত্যোহ্ ক্যা কৰেগা কাজী ?'' এই বাক্যশাৰীকে মূলমন্ত্ৰ হিচাপে লৈ প্ৰেমৰ নদীত সাঁতুৰি-নাদুৰি জীৱন পাৰ কৰিছে কলগাছিয়াৰ টাপাজুলি গাঁৱৰ তাৰা মিঞাই ৷ ৰোমান্টিক স্বভাৱৰ তাৰা মিঞাৰ প্ৰেমৰ দীঘলীয়া আৰু তীব্ৰ ঘাত-প্ৰতিঘাতপূৰ্ণ ইতিহাসে বেছ আমোদ দিব আপোনাক ৷
নিজৰ প্ৰথমা পত্নীৰ মৃত্যু হোৱাৰ পিছত প্ৰেমৰ সন্ধানত পৰা তাৰাই স্বাভাৱিকতেই দ্বিতীয় বিৱাহ কৰিছিল ৷ বয়সৰ ফালৰ পৰা চফল ডেকা তাৰা মিঞাৰ এই দ্বিতীয় বিৱাহত নাছিল আচৰিত হ’ব লগীয়া কোনো কথা ৷
পিছে প্ৰেমত পৰিলে অৱসৰ ল’ব নজনা তাৰা মিঞাৰ প্ৰেমৰ সন্ধান সিমানতে সমাপ্ত হোৱা নাছিল ৷ দ্বিতীয় পত্নীৰ সৈতে সংসাৰ চলি থাকিলেও শেহতীয়াকৈ বিহাৰৰ গোৰখপুৰৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন হোৱাত পুনৰ বিৱাহপাশত আৱদ্ধ হয় তাৰা ৷ পিছে, নিজৰ নতুন ভাৰ্যাক লগত লৈ অসমলৈ আহি ফাণ্ডত পৰিল তাৰা মিঞা ৷ এফালে, পূৰ্বৰ পত্নীৰ সৈতে থকা সংসাৰ আনফালে, নতুন পত্নীৰ ধৰ্মই বিপদত পেলালে তাৰা মিঞাক ৷