বৰপেটা,৮ জুলাইঃ সোমবাৰে পুৱাই বৰপেটাৰ মৰানদীত জাপ দিলে এজনে । বিলৰতাৰী-বুদৰুৰতুপ সংযোগী দলঙৰ পৰা মৰানদীত জপিয়ালে এজন যুৱকে । ইতিমধ্যে যুৱকজনক বিচাৰি অভিযান আৰম্ভ কৰিছে এছডিআৰএফ বাহিনীয়ে । জানিব পৰা মতে, ঘৰৰ পৰা ই-ৰিক্সাৰে আহি নদীত জাপ দিয়া যুৱকজনৰ নাম পবিত্ৰ কুমাৰ দাস । বৰপেটা চহৰত আলুৰ পাইকাৰী ব্যৱসায় আছে যুৱকজনৰ ৷ চহৰখনত নতুনকৈ নিৰ্মাণ কৰি থকা বাসগৃহৰ কাম চোৱাৰ সূত্ৰে ঘৰৰ পৰা ওলাই আহিছিল যুৱকজন ৷ তাৰপিছতে মৰানদীৰ দলঙৰ কাষ পোৱাৰ লগে লগে প্ৰস্ৰাৱ কৰোঁ বুলি ই-ৰিক্সাখন ৰাখিবলৈ কৈ দৌৰি নদীত জাপ দিয়ে ৷ এতিয়া এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ চহৰখনত ।
মৰানদীত জাপ দিলে এজন প্ৰাক্তন খেলুৱৈয়ে - এছডিআৰএফ
যুৱকজনক বিচাৰি এছডিআৰএফৰ অভিযান । কিন্তু এতিয়ালৈ সন্ধান পোৱা নাই যুৱকজনৰ ।
মৰানদীত জাপ দিলে এজন প্ৰাক্তন খেলুৱৈয়ে
উল্লেখ্য যে, পবিত্ৰ কুমাৰ দাস ভলীবলৰ এজন ৰাজ্যিক খেলুৱৈ আছিল ৷ যুৱকজনৰ পত্নীৰ সৈতে ৭ বছৰীয়া আৰু ৩ বছৰীয়া দুটি কন্যা সন্তান আছে ৷ ইতিমধ্যে এছডিআৰএফৰ লগতে স্থানীয় লোকে যুৱকজনৰ সন্ধান বিচাৰি উদ্ধাৰ অভিযান চলাইছে যদিও সন্ধান পোৱা নাই যুৱকজনৰ ৷ ঘটনাটোক লৈ পৰিয়ালৰ লগতে আত্মীয় স্বজনৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷ যুৱকজনে কি কাৰণত এনে সিদ্ধান্ত গ্ৰহণ কৰিলে সেই সম্পৰ্কে অৱশ্যে এই পৰ্যন্ত জানিব পৰা হোৱা নাই ।