অসম

assam

ETV Bharat / state

বৰপেটাত নিৰ্মাণ হ'ব অত্যাধুনিক ক্ৰিকেট খেলপথাৰ - a new cricket playground in barpeta

ক'ভিডৰ এই জটিল সময়তে বৰপেটাবাসীৰ বাবে ভাল খবৰ ৷ বৰপেটা জিলাত অতি কম সময়ৰ ভিতৰত নিৰ্মাণ হ'ব এখন অত্যাধুনিক ক্ৰিকেট খেলপথাৰ ৷ আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰিছে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই ৷

a-new-cricket-playground-in-barpeta
বৰপেটাত নিৰ্মাণ হ'ব অত্যাধুনিক ক্ৰিকেট খেলপথাৰ

By

Published : Jun 19, 2021, 11:03 PM IST

বৰপেটা, 19 জুন : বৰপেটা জিলাত কম দিনৰ ভিতৰতে নিৰ্মাণ হ'ব এখন অত্যাধুনিক ক্ৰিকেট খেলপথাৰ ৷ এই কথা আনুষ্ঠানিকভাৱে সদৰী কৰিছে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই ৷ উল্লেখ্য যে, এই বিষয়ত শনিবাৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিৎ শইকীয়াই বৰপেটা জিলাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূষালৰ লগতে আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ সৈতে এক আলোচনাত মিলিত হয় ৷

এই উপলক্ষে বৰপেটা জিলাৰ আৱৰ্ত ভৱনত অনুষ্ঠিত উক্ত সভাৰ পাচতে সাংবাদিকক সম্বোধন কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই ৷ তেওঁ কয়, বৰপেটাবাসীৰ বাবে ভাল খবৰ ৷ বৰপেটা জিলাত অত্যাধুনিক এখন ক্ৰিকেট খেলপথাৰ নিৰ্মাণ কৰিবলৈ পদক্ষেপ লোৱা হৈছে ৷ এইক্ষেত্ৰত বৰপেটাবাসীৰ সহায় সহযোগিতাৰ লগতে বৰপেটা জিলাৰ প্ৰশাসনৰ ফালৰ সহযোগিতাৰ বিচাৰি আজি এই সভা অনুষ্ঠিত হয় বুলি কয় ক্ৰিকেট সন্থাৰ সভাপতি গৰাকীয়ে ৷

বৰপেটাত নিৰ্মাণ হ'ব অত্যাধুনিক ক্ৰিকেট খেলপথাৰ

"বৰপেটা জিলাত এখন ক্ৰিকেট খেলপথাৰ নিৰ্মাণ কৰা যি সিদ্ধান্ত সেয়া বহু পুৰণি ৷ কিন্তু খেলপথাৰ নিৰ্মাণৰ বাবে উপযুক্ত মাটিৰ অভাৱৰ বাবে এই সিদ্ধান্ত কাৰ্যকৰী হোৱা নাছিল ৷ বৰ্তমান খেলপথাৰ নিৰ্মাণৰ বাবে মাটি পোৱা গৈছে আৰু অতি সোনকালে খেলপথাৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ'ব" ৷ এইদৰে কয় ৰমেন দত্তই ৷

ইফালে, ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ আন্তঃগাঁথনিৰ অভাৱৰ কথা ব্যক্ত কৰে সন্থাৰ সভাপতি ৰমেন দত্তই ৷ ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰখনৰ আন্তঃগাঁথনি এতিয়াও সবল নহয় ৷ খেলপথাৰৰ অভাৱৰ লগতে বিভিন্ন দিশত এতিয়া বহু সমস্যা আছে বুলি সাংবাদিকৰ আগত কয় ৰমেন দত্তই ৷

তদুপৰি অসমৰ বিভিন্ন ঠাইত 12 খনকৈ ক্ৰিকেট খেলপথাৰৰ নিৰ্মাণ কাৰ্য চলি থকা কথাক জানিবলৈ দিয়ে সন্থাৰ সভাপতি গৰাকীয়ে ৷ ইতিমধ্যে এই খেলপথাৰ সমূহৰ নিৰ্মাণ কাৰ্য 60 শতাংশ কাম সম্পূৰ্ণ হৈছে ৷ লগতে কেইবাখনো জিলাৰ খেলপথাৰ নিৰ্মাণৰ বাবে পৰিকল্পনা কৰা হৈছে যদিও মাটি অভাৱৰ বাবে সেই পৰিকল্পনা কাৰ্যকৰী হৈ উঠা নাই ৷ গতিকে উপযুক্ত মাটি যোগাৰ কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই ৷

লগতে পঢ়ক: জীৱনৰ দৌৰ স্তব্ধ Flying Sikh মিলখা সিঙৰ

ABOUT THE AUTHOR

...view details