জনীয়া, 21 অক্টোবৰ :প্ৰেম ৷ দুটা আখৰৰ এই শব্দটি একাংশৰ বাবে ৰোমাঞ্চকৰ হোৱাৰ বিপৰীতে একাংশৰ বাবে হৈ পৰে ডিঙিৰ হাৰ মাল ৷ এইবাৰ প্ৰেমিকাক দেখা কৰিবলৈ গৈ গণ প্ৰহাৰৰ বলি হ’ল এগৰাকী যুৱক ৷ সকলো ঠিকেই আছিল, পিছে যুৱকৰ প্ৰেমিকাহে বোলে দুটি সন্তানৰ মাতৃ ৷ এয়াতেই লাগিল কেণা ৷
এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত বলাইপথাৰত ৷ ৰাইজৰ চকুত ধূলি মাৰি এগৰাকী যুৱকে দীৰ্ঘদিনে সম্পৰ্ক ৰক্ষা কৰি আহিছিল এগৰাকী মহিলাৰ সৈতে৷ মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে গুৱাহাটী মহানগৰীত থাকে ৷ তাৰেই পূৰ্ণ সুযোগ লৈ মহিলাগৰাকীৰ সৈতে গোপনে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছিল যুৱকজনে ৷