অসম

assam

ETV Bharat / state

Man missing from Barpeta: দুমাহ ধৰি সন্ধানহীন স্বামী, কান্দোনত ভাগি পৰিছে পত্নী-দুই সন্তান - কান্দোনত ভাগি পৰিছে পৰিয়াবৰ্গ

"মোৰ স্বামীক বিচাৰি দিয়ক আপোনালোকে" ৷ কান্দি কান্দি ৰাইজলৈ এই আহ্বান এগৰাকী দুৰ্ভগীয়া পত্নীৰ ৷ হাজিৰা কাম কৰি পৰিয়াল পোহপাল দিয়া স্বামী বিগত ১৬ মে'ৰ পুৱা কামৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল বৰপেটা চহৰলৈ ৷ কিন্তু আজিকোপতি ঘূৰি নাহিল নিজ ঘৰখনলৈ ৷ কান্দোনত ভাগি পৰিছে পৰিয়াবৰ্গ ৷

a man from jania has been missing from two months in barpeta
দুমাহ ধৰি সন্ধানহীন স্বামী, কান্দোনত ভাগি পৰিছে পত্নী তথা দুই কণমানি

By

Published : Jul 20, 2022, 8:10 AM IST

বৰপেটা, 20 জুলাই:দুমাহ ধৰি সন্ধানহীন বৰপেটা জিলাৰ জনিয়াৰ এজন লোক (A man from Jania has been missing from two months)৷ কান্দোনত ভাগি পৰিছে পৰিয়াবৰ্গ ৷ সন্ধানহীন হোৱা লোকজনৰ নাম প্ৰাণজিৎ ৰাজবংশী ৷ হাজিৰা কাম কৰি পৰিয়াল পোহপাল দিয়া প্ৰাণজিৎ ৰাজবংশী যোৱা ১৬ মে'ৰ পুৱা কামৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল বৰপেটা চহৰলৈ ৷ তাৰ পিছত আজি পৰ্যন্ত ঘৰলৈ উভতি নাহিল প্ৰাণজিৎ ৰাজবংশী ৷

দুমাহ ধৰি সন্ধানহীন স্বামী, কান্দোনত ভাগি পৰিছে পত্নী তথা দুই কণমানি

উল্লেখ্য যে, বিগত দুমাহ ধৰি সন্ধানহীন হোৱা প্ৰাণজিৎ ৰাজবংশীৰ সন্ধান নোপোৱাত চকুলো বৈছে পত্নী তথা কণমানি দুই কন্যা সন্তানৰ লগতে বৃদ্ধ পিতৃ-মাতৃৰ ৷ পৰিয়াবৰ্গৰ কেৱল এটাই প্ৰশ্ন- কেতিয়া ঘৰলৈ উভতি আহিব প্ৰাণজিৎ ?

ইপিনে, বৰপেটা সদৰ থানাত নিৰুদ্দেশ হোৱা স্বামীৰ সন্ধানত এজাহাৰ দাখিল কৰিছে পত্নীয়ে ৷ কিন্তু বৰ্তমান পৰ্যন্ত লোকজনৰ কোনো সন্ধান উলিয়াৱলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ কোনো সদাশয় ব্যাক্তিয়ে যদি লোকজনৰ কিবা সম্ভেদ লাভ কৰে তেন্তে ওচৰৰ আৰক্ষী চকী অথবা ৮৮২২ ৩৩ ৯২৬৯ নম্বৰৰ মোবাইল ফোনত পৰিয়ালক অৱগত কৰিবলৈ ৰাইজলৈ আহ্বান দুৰ্ভগীয়া পত্নীৰ ৷

লগতে পঢ়ক:Assam youth missing: কৰ্মৰ সন্ধান বিচাৰি গৈ সন্ধানহীন হ’ল লখিমপুৰৰ দেৱজ্যোতি

ABOUT THE AUTHOR

...view details