বৰপেটাৰোড, 17 জুলাই : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ, গাঞ্জা তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ প্ৰতিদিনেই উৎখাত কৰা হৈছে ড্ৰাগছৰ ঘাটি তথা জব্দ কৰা হৈছে নিচাজাতীয় সামগ্ৰী ৷ যিমানেই অসম আৰক্ষীয়ে গাঞ্জা-ড্ৰাগছ আদিৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা তথা ড্ৰাগছ মুক্ত সমাজ গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে, সিমানেই যেন পোহৰলৈ আহিছে ড্ৰাগছ-গাঞ্জাৰ অবৈধ বেহাৰ তথ্য ৷
গোপন সূত্ৰৰ ভিত্তিত বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই চহৰখনৰ 2 নং ৱাৰ্ডৰ তছৰূপ হুছেইন ওৰফে আলীৰ বাসগৃহত অভিযান চলায় ৷ অভিযানকালত লোকজনৰ বাসগৃহৰ পৰা প্ৰায় 2 কিল’ 690 গ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ৷ লগতে ঘটনা সন্দৰ্ভত লোকজনক আটক কৰে ৷ বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীয়ে গাঞ্জা, ড্ৰাগছ, মদ, ভাং আদিৰ ক্ষেত্ৰত অতি কঠোৰ পদক্ষেপ লোৱাৰ কথা জানিবলৈ দিয়ে ৷
আটকাধীন লোকজনক শনিবাৰে বৰপেটা আদালতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷