অসম

assam

ETV Bharat / state

ভেলেঙী নৈৰ তীব্ৰ সোঁতত উটি গ'ল এজন যুৱক

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ মন্দিয়াৰ ১নং বৰদলনী গাঁৱত নিশা ঘটে অঘটন ৷ বানে ছিঙি নিয়া পথ পাৰ হবলৈ গৈ সন্ধানহীন হয় বাকেছ আলী নামৰ যুৱক এজন

ভেলেঙী নৈৰ তীব্ৰ সোঁতত উটি গ'ল এজন যুৱক

By

Published : Jul 30, 2019, 7:12 PM IST

বৰপেটা,30 জুলাই :

  • ভেলেঙী নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিছিল বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বৰদলনী-মন্দিয়া সংযোগী পথটো
  • এতিয়াও পথটোৰে বৈ আছে ভেলেঙী নৈৰ তীব্ৰ সোঁত
  • সোমবাৰে নিশা ১নং বৰদলনী গাঁৱত নিশা ঘটে অঘটন
  • নিশা মন্দিয়াৰ পৰা ঘৰলৈ গৈ থকা বাকেছ আলী নামৰ যুৱকজনে নাও নাপাই পথটোৰ ছিঙা অংশ সাতুৰি পাৰ হবলৈ বাধ্য হয়
  • ফলত নৈৰ তীব্ৰ সোঁতে উটুৱাই নিয়ে যুৱকজনক
    ভেলেঙী নৈৰ তীব্ৰ সোঁতত উটি গ'ল এজন যুৱক
  • স্থানীয় লোকে যুৱকজন উটি যোৱাৰ খবৰ পাই নিশাই যুৱকজনৰ উদ্ধাৰ অভিযান চলায় যদিও গাঁওবাসীয়ে নাপালে কোনো সন্ধান
  • ইপিনে মঙলবাৰে পুৱাৰেপৰা SDRF বাহিনীয়ে যুৱকজনৰ সন্ধানত চলাই আছে উদ্ধাৰ অভিযান
  • পিছে এতিয়ালৈকে পোৱা নাই যুৱকজনৰ সন্ধান
  • স্থানীয় গাঁওবাসীয়ে জনোৱা মতে, পথটোৰ চিঙা অংশ ইপাৰ-সিপাৰ হবলৈ সন্ধিয়া ৭ বজাৰ পৰা নাথাকে কোনো নাৱৰ ব্যৱস্থা
  • ফলত মৰণত শৰণ দি সাতুৰি পাৰ হব লাগে পথটোৰ ছিঙা অংশটো

ABOUT THE AUTHOR

...view details