পাঠশালা, 16 জুন :চৌদিশে মহামাৰী কৰ'ণাই মানৱ জাতিক স্তম্ভিত কৰি তোলাৰ সময়তে বজালীৰ এটি কণমানিৰ পিতৃ-মাতৃলৈ এক বিশেষ আহ্বান ৷ বাতৰি কাকত তথা সংবাদ মাধ্যমৰ বাতৰিত ভয়াৱহ পৰিস্থিতি প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ধন আগবঢ়োৱাৰ এক প্ৰস্তাৱ আগবঢ়াই জাহ্নৱী কলিতা নামৰ কণমানি জনীয়ে ৷ বজালী জিলাৰ বৰভালুকী গাঁৱৰ নৱকান্ত কলিতা আৰু সীমা কলিতাৰ কন্যা তথা পাঠশালা আনন্দৰাম বৰুৱা একাডেমীৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী জাহ্নৱী কলিতাই পিতৃক কয় যে, "দেউতা,ময়ো আমাৰ মুখ্যমন্ত্ৰীক আনৰ দৰে পইচা দিম । এইবাৰ মোৰ জন্মদিন নাপাতো। ইমান বছৰেতো জন্মদিন পাতিয়েই আহিছো । এইবাৰ দেখোন মানুহবোৰে বাতৰি কাকতত মুখ্যমন্ত্ৰীক পইচা দি আছে । সেইকাৰণে এইবাৰ মোৰ জন্মদিনৰ সকলো পইচা মুখ্যমন্ত্ৰীক দিম।"
লগে লগে কনমানি ভনীয়েকৰ এই প্ৰস্তাৱত জ্যেষ্ঠ কন্যায়ো নিজৰ জন্মদিনৰ সমূদায় ধন মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়ায় ৷ দুই কন্যাৰ এনে প্ৰস্তাৱত দুয়ো পিতৃ-মাতৃ একপ্ৰকাৰ হতভম্ব হ'ল যদিও আঠবছৰীয়া কন্যাৰ এনে দূৰদৰ্শী চিন্তাৰে আগবঢ়োৱা প্ৰস্তাৱক আনন্দমনে গ্ৰহণ কৰে আৰু প্ৰতি বছৰে ওচৰ চুবুৰীয়াৰ সমনীয়াৰ লগত কন্যাৰ জন্মদিনৰ বাবদ খৰচ কৰিবলগীয়া পইচা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱাৰ সিদ্ধান্ত লয় ৷