বৰপেটা, 10 জুলাই: দৰিদ্ৰতাই কোঙা কৰা এটি পৰিয়ালৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা ৷ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া বৰপেটা চহৰৰ সমীপৰ শিলা গাঁৱৰ ৰিংকু বৰুৱাৰ পত্নী পূৰৱী পাঠক আক্ৰান্ত হৈছে দুৰাৰোগ্য বৃক্ক ৰোগত ৷ চিকিৎসকে জনোৱা মতে, পূৰৱী পাঠকৰ দুয়োটা কিডনী ইতিমধ্যে বিকল হৈছে ৷
লাহে লাহে পূৰৱীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে যদিও ধনৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ৷ দুবেলা দুমুঠি যোগাৰৰ চিন্তাই প্ৰতিনিয়ত ভাৰাক্ৰান্ত কৰি ৰখা স্বামীৰ বাবে পূৰৱীক জীয়াই ৰখাটো হৈ পৰিছে আন এক বৃহৎ প্ৰত্যাহ্বান ৷ বৰপেটা চহৰৰ সমীপৰ শিলা গাঁৱত পত্নী আৰু এটি কণমানিৰ সৈতে বসবাস কৰে ৰিংকু বৰুৱাই ৷
পত্নীৰ চিকিৎসাৰ বাবে স্বামীৰ সহায় ভিক্ষা উৰুখা পঁজাত থাকিয়েই কোনোমতে নিজৰ সংসাৰখনক আগুৱাই নিয়া ৰিংকুৰ আছে এটি তেৰমহীয়া কন্যা সন্তান ৷ সংসাৰ কৰা অথবা সংসাৰ চলোৱাৰ যন্ত্ৰনা যেন ৰিংকুৱে ভালকৈয়ে বুজি পায় ৷ তথাপি দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়াৰ দৰে কষ্টসাধ্য জীৱন যাত্ৰাৰ পৰা ৰিংকুৱে কেতিয়াও পলায়ন কৰিব বিচৰা নাই ৷
ৰিংকুৰ দৰে দায়িত্বশীল লোকক সংসাৰৰ হেজাৰ বিপদ-বিঘিনিয়েও হাৰ মনাব পৰা নাই ৷ কিন্তু এইবাৰ জীৱনত কেতিয়াও সন্মুখীন নোহোৱা এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৰিংকু ৷ পত্নীৰ চিকিৎসাৰ বাবে হাতত ফুটাকড়ি এটাও নথকা ৰিংকু এতিয়া পত্নীৰ চিকিৎসাৰ বাবে ৰাইজ তথা চৰকাৰৰ শৰণাপন্ন হ'বলগীয়া হৈছে ৷ পত্নীৰ চিকিৎসাৰ বাবে তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক কাতৰ অনুৰোধ জনাইছে ৷
সহায় প্ৰদানৰ বাবে আগ্ৰহী লোকসকলক 8133092674 আৰু 8822862605 ম’বাইল নম্বৰত যোগাযোগ কৰি অথবা IFSC UBIN0546755 আৰু একাউণ্ট নম্বৰ 467502011013261 বিপৰীতে ইউকো বেংকৰ ভেল্লা শাখাত থকা সঞ্চয় পুঁজিত পোনপটীয়াকৈ আৰ্থিক সাহায্য প্ৰদানেৰে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে অনুৰোধ জনোৱাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো পত্নী পূৰৱীৰ বাবে চিকিৎসাৰ সুব্যৱস্থা কৰি দিবলৈ স্বামী ৰিংকু বৰুৱাই হাতযোৰ কৰি আহ্বান জনাইছে ৷
লগতে পঢ়ক:৬০,০০০ কিল’মিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লক্ষ্য গাডকাৰীৰ