অসম

assam

By

Published : Jun 29, 2020, 4:09 PM IST

ETV Bharat / state

বৰপেটাত বানৰ কবলত 1,35,415 গৰাকী লোক

বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত সন্মুখীন বৰপেটাৰ 395 খন গাঁৱৰ প্ৰায় 1,35,415 গৰাকী লোক ৷ বানাক্ৰান্তৰ মাজত সোমবাৰে উপস্থিত হৈ মনৰ বুজ লয় জিলা আমছুৰ বিষয়ববীয়াৰ লগতে এআইইউডিএফ ৰ যুৱ নেত্ৰী মীনাক্ষী ৰহমানে ৷

A huge number of people effected by flood at barpeta assam etv bharat news
বানৰ কবলত বৰপেটা জিলা

বৰপেটা,29 জুন: বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বৰপেটাত ৷ জিলাখনৰ মাজেৰে বৈ যোৱা নখান্দা, পল্লা, পহুমাৰা, কালদিয়া, চাউলখোৱা আদি প্ৰতিখন উপনৈৰ পানী বৰ্তমান বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ জিলাখনত ব্ৰহ্মপুত্ৰ নৈৰ পানী বিপদসীমা অতিক্ৰমী প্ৰায় এক মিটাৰ ওপৰেৰে বৈ আছে ৷ ইতিমধ্যে বৰপেটাৰ 395 খন গাঁও কবলত পৰিছে বানৰ ৷

বানৰ কবলত বৰপেটা জিলা

জিলা প্ৰশাসনৰ তথ্য অনুসৰি জিলাখনত 1,35,415 গৰাকী লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৷ লগতে 11,654 হেক্টৰ কৃষি ভূমি ডুব গৈছে বানত ৷ তদুপৰি এইবাৰৰ বানত পাটাছাৰকুছি আৰু সৰুক্ষেত্ৰী সমষ্টিৰ ৰাইজ অধিক ক্ষতিৰ সন্মুখীন হৈছে ৷ চাৰি শতাধিক গাঁৱৰ বাট-পথ বানত ডুব যোৱাৰ বাবে সম্প্ৰতি ব্যাহত হৈছে যাতায়াত ৷ বানৰ কবলত পৰি যথেষ্ঠ ক্ষতিৰ সন্মুখীন হোৱা বানাক্ৰানতৰ মাজত সোমবাৰে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় বৰপেটা জিলা আমছুৰ নেতা মনিৰুজ জামানৰ লগতে এআইইউডিএফৰ যুৱ নেত্রী মিনাক্ষী ৰহমানে ৷ ৰহমানে সৰুক্ষেত্রী সমষ্টিৰ অন্তৰ্গত কেবাখনো গাঁও পৰিদৰ্শন কৰাৰ উপৰিও বানাক্ৰান্তৰ লগতে পশুধনসমূহক খাদ্য যোগান ধৰিবলৈ আহ্বান জনাই চৰকাৰক ৷

লগতে চাওকঃবিকশিত অসমঃ নলাৰ পানীকে সেৱন চিৰাঙবাসীৰ

ABOUT THE AUTHOR

...view details