জনীয়া,২৬ জুলাই: এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাই জোকাৰিছে বঙাইগাঁৱৰ বৰৈচালা(Suicide at Barasala in Bongaigaon) । বিহপান কৰি আত্মহত্যা কৰে নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে(Class IX student commits suicide) । মাতৃয়ে পঢ়াৰ বাবে হেঁচা দিয়াৰ বাবেই আত্মহত্যা কৰা বুলি সন্দেহ কৰে ছাত্ৰীগৰাকীৰ আত্মীয়ই ।
বঙাইগাঁও জিলাৰ বৰৈচালা গাঁৱৰ এগৰাকী কিশোৰীয়ে মঙলবাৰে পুৱা প্ৰায় ৮ মান বজাত বিদ্যালয়লৈ যোৱাৰ সময়ত গোপনে বিহপান কৰে । পিছ মূহুৰ্তত ছাত্ৰী গৰাকীৰ মুখেৰে তেজ ওলোৱা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ পৰিয়ালৰ লোকে বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে ।