অসম

assam

ETV Bharat / state

যৌতুকৰ নামত পাঁচমহীয়া গৰ্ভৱতী মহিলাক মৰিয়াই মৰিয়াই হত্যা - Pregnant Woman death at Jania

যৌতুকৰ নামত অন্তঃসত্বা মহিলাক নৃশংসভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (Pregnant Woman death at Jania) ৷

A five month pregnant woman beaten to death sake of dowry
যৌতুকৰ নামত পাঁচমহীয়া গৰ্ভৱতী মহিলাক মৰিয়াই মৰিয়াই হত্যা

By

Published : Sep 30, 2022, 10:41 PM IST

জনীয়া, 30 ছেপ্টেম্বৰ : ৰাজ্যত পুনৰ বোৱাৰী হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Murder case in Assam) ৷ যৌতুকৰ নামত অন্তঃসত্বা মহিলাক নৃশংসভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (Pregnant Woman death at Jania) ৷ ঘটনা অনুসৰি যোৱা দহ মাহৰ পূৰ্বে নামজিনা খাতুন নামৰ যুৱতীগৰাকীয়ে বৰপেটাৰ সুখেৰ ভিটা গাঁৱৰ সদৰ আলীৰ পুত্ৰ ছানোৱাৰ হুছেইনৰ লগত সামাজিক ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হৈছিল ৷

কিন্তু বিয়াৰ কিছুদিন পিছৰে পৰা যৌতুক বিচাৰি স্বামী ছানোৱাৰ হুছেইন, শহুৰ সদৰ আলী, স্বামীৰ ডাঙৰ ভাতৃ আনোৱাৰ হুছেইন, শাহুৱেক আনোৱাৰা খাতুনে মিলি পাঁচ মহীয়া গৰ্ভৱতী বোৱাৰীৰ ওপৰত সঘনে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল (pregnant woman beaten to death sake of dowry) ৷

যৌতুকৰ নামত পাঁচমহীয়া গৰ্ভৱতী মহিলাক মৰিয়াই মৰিয়াই হত্যা

কিন্তু যোৱা বুধবাৰে কয়াকুচি আৰক্ষী চকীৰ অন্তৰ্গত স্বামীৰ পৰিয়ালে বোৱাৰী গৰাকীৰ ওপৰত বেয়াকৈ মাৰধৰ কৰাত বোৱাৰী গৰাকীৰ মৃত্যু হয় বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে ৷ লগতে উক্ত হত্যাকাণ্ডক স্বামীৰ পৰিয়ালে আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে যদিও এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি বোৱাৰীগৰাকীৰ পিতৃৰ পৰিয়ালে মন্তব্য প্ৰকাশ কৰে ৷

সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ প্ৰশাসনক কৰজোৰে কাকুতি মিনতি কৰিছে ভুক্তভোগী বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক:ছাত্ৰীক পৰ্ণ দেখুওৱাৰ বাবে শিক্ষকৰ মুখত ক’লা চিয়াঁহী সানিলে গঞাই

ABOUT THE AUTHOR

...view details