বৰপেটা,22মে':পবিত্ৰ ৰমজান মাহৰ সময়তে বৃহস্পতিবাৰে বৰপেটা চহৰত ঘটিল এক অঘটন ৷ এটা বেলুনে কাঢ়ি নিলে বৰপেটাৰ মুছলিমপট্টিৰ এটি 3 বছৰীয়া শিশুৰ নিষ্পাপ জীৱন ৷ জানিব পৰা মতে, মুছলিমপট্টিৰ ছামচুল হক আৰু পাৰবিন চুলতানাৰ ৩ বছৰীয়া এটি সন্তানে এটা বেলুন ফুৱাই থকাৰ সময়তে হঠাৎ বেলুনটো কণমানি শিশুটিৰ শ্বাসনলীত লাগি ধৰাৰ ফলত শিশুটি ছটফটাবলৈ ধৰে ৷
বৰপেটা চহৰত বেলুনে কাঢ়ি নিলে শিশুৰ প্ৰাণ - A child died in Barpeta from suffocating on a balloon
এটা বেলুন ফুৱাই থকাৰ সময়তে হঠাৎ কণমানি শিশুটিৰ শ্বাসনলীত লাগি ধৰাৰ ফলত শিশুটি ছটফটাবলৈ ধৰে ৷ ইপিনে পিতৃ-মাতৃয়ে সন্তানটিক বচাবলৈ চেষ্টা কৰাৰ লগতে ততাতৈয়াকৈ বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে শিশুটিৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে ৷
বৰপেটা চহৰত এটা বেলুনে কাঢ়ি নিলে এটি শিশুৰ জীৱন
ইয়াৰ পাচতে পিতৃ-মাতৃয়ে সন্তানটিক বচাবলৈ চেষ্টা কৰাৰ লগতে ততাতৈয়াকৈ বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে শিশুটিৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে ৷ আনহাতে, ৰমজানৰ ৰোজাৰ মাজতে ঘটা এই মৰ্মান্তিক ঘটনাটোৱে এতিয়া সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে ৷
লগতে পঢ়কঃআজিৰৰে পৰা আৰম্ভ ঘৰুৱা বিমানৰ টিকট বুকিং প্ৰক্ৰিয়া