বৰপেটা,৯এপ্ৰিলঃ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন । ৰাজ্যৰ চৌদিশে এতিয়া বিহুক আদৰাৰ প্ৰস্তুতি । ৰাজ্যখনৰ ঠাইয়ে ঠাইয়ে অনুষ্ঠিত হৈ আছে বিহু নাচৰ কৰ্মশালা । বৰপেটাৰ হাউলীতো হাউলী ৰাস মহোৎসৱ সমিতিৰ উদ্যোগত আৰু হাউলী বিহু সুৰক্ষা সমিতিৰ সহযোগত অনুষ্ঠিত হৈছে সপ্তাহযোৰা বিহু নাচৰ কৰ্মশালা ।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰঙালী বিহুৰ প্ৰস্তুতি - হাউলী
ৰাজ্যখনৰ অন্য প্ৰান্তৰ লগতে বৰপেটাৰ হাউলীতো এতিয়া পূৰ্ণগতিত চলিছে বিহুৰ প্ৰস্তুতি। বৰপেটাৰ হাউলীত অনুষ্ঠিত বিহু কৰ্মশালাত ভাগ লৈছে শতাধিক অংশগ্ৰহনকাৰীয়ে ।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰঙালী বিহুৰ প্ৰস্তুতি
বিহুৱতী জুনু তালুকদাৰৰ নেতৃত্বত হাউলী ৰাস মন্দিৰত অনুষ্ঠিত হোৱা কৰ্মশালাখনত ভাগ লৈছে শতাধিক যুৱতীয়ে ৷ কেৱল যুৱতীয়েই নহয় ৰৈ থকা নাই কণ কণ শিশুসকলো । হাউলী অঞ্চলৰ প্ৰায় সকলো বয়সৰ যুৱতী, কিশোৰী, শিশু এনেদৰে ব্যস্ত হৈ পৰিছে বিহু নাচৰ কৰ্মশালাত ।