অসম

assam

ETV Bharat / state

বৰপেটাত বালিকুৰিত নৱজাতক উদ্ধাৰ

জনতা বেঁকী ভেলী কলেজৰ পিছফালে উদ্ধাৰ এটি নৱজাতক

By

Published : Mar 29, 2019, 11:37 AM IST

বৰপেটাত বালিকুৰিত নৱজাতক শিশু উদ্ধাৰ

বৰপেটা,২৯ মাৰ্চ: বৃহস্পতিবাৰে বৰপেটা জিলাৰ কলগাছিয়াৰ বালিকুৰিত উদ্ধাৰহয় এটি নৱজাতক কন্যা শিশু । তথ্য অনুসৰি বৰপেটা জিলাৰ কলগাছিয়াৰ জনতা বেকী ভেলী কলেজৰ পিছফালে উদ্ধাৰ হৈছে এটি নৱজাতক কন্যা শিশু। গাঁৱখনৰ কেইটিমান শিশুৱে ভেলী কলেজৰ পিছফালৰখালত কন্যা শিশুটিৰ কান্দিথকা দেখা পাই কলেজখনৰ শিক্ষকক খবৰ দিয়ে ।
পৰৱৰ্তী সময়তকন্যা শিশুটিকৰাইজে উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষী অহাৰ পূৰ্বেই গাঁওখনৰ হানিফ আলী নামৰ এজন ব্যক্তিৰ পত্নীয়ে দেৱশিশু গৰাকী লালন-পালনৰ দায়িত্ব লয় । ইপিনে এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details