বৰপেটা, 11 অক্টোবৰঃবিগত দুমাহ ধৰি বেংকৰ ঋণ প্ৰদানৰ নামত ৰাইজক ঠগ-প্ৰৱঞ্চনা কৰি অহা এটা প্ৰৱঞ্চকক শুকুৰবাৰে আটক কৰিবলৈ সক্ষম হয় বৰপেটাৰ কয়াকুছি আৰক্ষীয়ে ৷ বৰপেটাৰ বিভিন্ন বেংক বিশেষকৈ ইউকো বেংকত গ্ৰাহকক ঋণ উলিয়াই দিয়াৰ নামত আব্দুল কাদেৰ নামৰ ধৃত প্ৰৱঞ্চকটোৱে দীৰ্ঘদিন ধৰি বহু কেলেংকাৰী সংঘটিত কৰি আহিছিল ৷
বীমা কেলেংকাৰীৰ পাচত বৰপেটাত এইবাৰ ঋণ কেলেংকাৰী - ঋণ কেলেংকাৰীত জড়িত প্ৰৱঞ্চক আটক
বৰপেটাত পোহৰলৈ আহিছে বেংকৰ ঋণ কেলেংকাৰীৰ তথ্য ৷ আৰক্ষীৰ আটক কৰিলে ঋণ কেলেংকাৰীত জড়িত এটা প্ৰৱঞ্চক ৷
উল্লেখযোগ্য যে, গ্ৰাহকক বেংকৰ ঋণ উলিয়াই দিয়াৰ নামত বহু লোকৰ নামত গৃহ ঋণ লৈ নিজেই উলিয়াই নিছিল সমস্ত ঋণৰ টকা ৷ বছৰ বছৰ ধৰি এই প্ৰৱঞ্চনাৰ জাল ৰচি আহিছিল ধৃত প্ৰৱঞ্চকটোৱে ৷ অৱশেষত ভুক্তভোগী গ্ৰাহকসকলে আব্দুল কাদেৰৰ বিৰুদ্ধে সৰ্থেবাৰী থানা আৰু কয়াকুছি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল ৷ অৱশ্যে ডেৰমাহ পূৰ্বে এজাহাৰ দাখিল হোৱাৰ খবৰ পাই প্ৰৱঞ্চকটোৱে আত্মগোপন কৰি আছিল ৷ অৱশেষত শুকুৰবাৰে দুপৰীয়া উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে কয়াকুছিস্থিত নিজ গৃহৰ পৰা আটক কৰে প্ৰৱঞ্চক আব্দুল কাদেৰক ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷ ইপিনে এই কেলেংকাৰীৰ সৈতে সংশ্লিষ্ট বেংকৰ বিষয়া-কৰ্মচাৰী জড়িত থকাৰো সন্দেহ ঘনীভূত হৈ পৰিছে ৷
লগতে পঢ়ক : মৰিয়নীৰ দুৰ্নীতিগ্ৰস্ত পঞ্চায়তৰ সচিবক গ্ৰেপ্তাৰ