জনীয়া, 22 জুন : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি গাঁৱত মঙলবাৰে সংঘটিত হৈছে এক অঘটন ৷ গাঁৱখনৰ এটা দ’ খালত পৰি সলিল সমাধি ঘটে 2 বছৰীয়া কন্যা শিশুৰ ৷ নিহত কণমানিটি আমগুৰি গাঁৱৰ বাসিন্দা আবু বক্কাৰৰ একমাত্ৰ কন্যা সন্তান আছমা খাতুন বুলি জানিব পৰা গৈছে ৷
কলগাছিয়াত দ’ খালত পৰি শিশুৰ সলিল সমাধি
কলগাছিয়াৰ আমগুৰিত দ’ খালত পৰি শিশুৰ কৰুণ মৃত্যু ৷ ঘৰৰ পাছফালে থকা এটা খালত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয় আছমা খাতুন নামৰ দুই বছৰীয়া এটি কন্যা শিশুটিয়ে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ ৷
কলগাছিয়াত দ’ খালত পৰি শিশুৰ সলিল সমাধি
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, শিশুটিৰ মাতৃয়ে ঘৰুৱা কামত ব্যস্ত থকা সময়ত শিশুটিয়ে ঘৰৰ পাছফালে থকা এটা খালত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয় ৷ এই ঘটনাৰ পাছতে আত্মীয়ই ততাতৈয়াকৈ শিশুটিক কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়লৈ (Barpeta Civil Hospital) লৈ যায় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে । এই ঘটনাই এতিয়া অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷