অসম

assam

বৰপেটা অসামৰিক চিকিৎসালয়ত ৯ গৰাকী ক’ভিড ৰোগী চিনাক্ত

By

Published : Apr 21, 2021, 6:35 AM IST

কলগাছিয়াৰ অসামৰিক চিকিৎসালয়ত চিনাক্ত হৈছে ৯ গৰাকী ক’ভিড ৰোগী । বৰ্তমান কৰ’ণা ভাইৰাচক লৈ আতংকিত ৰাইজ । চিকিৎসালয়ৰ চৌহদত ক’ভিড পৰীক্ষা কৰাৰ লগতে সমূহ ৰাইজক সজাগ হ’বলৈ আহ্বান চিকিৎসালয় কৰ্তৃপক্ষৰ।

বৰপেটা অসামৰিক চিকিৎসালয়ত ৯ গৰাকী ক’ভিড ৰোগী
বৰপেটা অসামৰিক চিকিৎসালয়ত ৯ গৰাকী ক’ভিড ৰোগী

জনীয়া, 21 এপ্ৰিল:সমগ্ৰ বিশ্বব্যাপী ক’ৰণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত 9 গৰাকীকৈ ক’ভিড ৰোগী চিনাক্ত হোৱাত ৰাইজৰ মাজত সৃষ্টি হৈছে আতংকৰ । উল্লেখযোগ্য যে, বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৯ গৰাকীকৈ ক’ৰণা ৰোগীক বৰপেটা অসামৰিক চিকিৎসালয়ৰ ক’ভিড চেন্টাৰত ৰখা হৈছিল যদিও সোমবাৰে তিনি গৰাকী ৰোগীক হোম কৰেন্টাইন লৈ পঠোৱা হৈছে ৷

বৰপেটা অসামৰিক চিকিৎসালয়ত ৯ গৰাকী ক’ভিড ৰোগী চিনাক্ত

অৱশ্যে ৬ গৰাকী ক’ৰণা ৰোগী এতিয়াও চিকিৎসালয়খনত কোৱাৰেন্টাইন কৰি ৰখা হৈছে । লগতে চিকিৎসালয়খনৰ বাহিৰত ক’ভিড টেষ্ট কৰাৰ লগতে ৰাইজক মাক্স আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই।

লগতে পঢ়ক:ক'ভিড-19 : প্ৰশাসন আৰু আৰক্ষীৰ দুই শীৰ্ষ বিষয়াৰ সংবাদমেল


ABOUT THE AUTHOR

...view details