বৰপেটা, 22 ছেপ্তেম্বৰ : বৰপেটাত আটক হোৱা 43 টা দালাল(Land Broker)ক হাজিৰ কৰোৱা হৈছে বৰপেটা আদালত(Barpeta Court)ত ৷ মঙলবাৰে নিশা বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় আটকাধীন মাটিৰ দালালকেইটাক ৷
আদালতে 34 টাকৈ মাটিৰ দালালক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ বিপৰীতে আৰক্ষীৰ আবেদনৰ ভিত্তিত আন 9 টা দালালক এসপ্তাহৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৷ আৰক্ষীৰ জিম্মাত থকা দালাল কেইটা হৈছে- বৰপেটা চহৰৰ ধ্ৰুৱ দাস, গোবিন্দ দাস আৰু ৰমেণ দাস, বৰপেটাৰোডৰ ৰমানন্দ দাস, কৃষ্ণ দাস আৰু ইন্নছ আলী, হাউলীৰ ইনচান আলী, সৰভোগৰ কনক নাথ আৰু অৰুণ পাটোৱাৰী ৷
বৰপেটাৰ 9 জন দালালক এসপ্তাহৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ লগতে পঢ়ক:বৰপেটাত আটক ৪২ জন ভূ-মাফিয়াক
উল্লেখ্য যে, সোমবাৰে নিশাৰ পৰা মঙলবাৰৰ পুৱাৰ ভাগলৈকে বৰপেটা জিলাৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 43 টাকৈ ভূ-মাফিয়াক ৷ বৰপেটা, বৰপেটাৰোড, হাউলী, সৰভোগ, কলগাছিয়া, সৰ্থেবাৰী আৰু বহৰিস্থিত তাৰাবাৰী আৰক্ষীৰ জালত পৰিছিল ভূ-মাফিয়া কেইটা ৷
ৰাজ্যক অপৰাধমুক্ত কৰিবলৈ নিচাজাতীয় সামগ্ৰী অথবা চোৰাং ব্যৱসাসীৰ লগতে এইবাৰ চলিছে মাটিৰ দালালৰ বিৰুদ্ধে অসম আৰক্ষী(Assam Police)ৰ তীব্ৰ অভিযান । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই দালাল চক্ৰৰ বিৰুদ্ধে কঠোৰ হ’বলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদানৰ পাচতেই অধিক তৎপৰ হৈ পৰিছে আৰক্ষী বিভাগ ৷
লগতে পঢ়ক:ধুবুৰী আৰক্ষীৰ জালত লাট মণ্ডলসহ 22 জন দালাল