বৰপেটা, ৩০ আগষ্টঃ ৮৫ বছৰীয়া এইগৰাকী বৃদ্ধাৰ নাম মনোৱাৰা খানম ৷ বিগত ১৭ বছৰে পেচ মেকাৰ লগাই থোৱা মহিলাগৰাকীৰ ঘৰ ধুবুৰী চহৰত ৷ বৃদ্ধাগৰাকীৰ শৰীৰত ১২ আগষ্টত ধৰা পৰিছিল কোভিডৰ উপস্থিতি । বৃদ্ধাগৰাকীৰ শৰীৰত কৰ'ণাৰ উপস্থিতি ধৰা পৰাৰ পিচতে ১৫ আগষ্টত বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় বৃদ্ধাগৰাকীক ৷
85 বছৰীয়া বৃদ্ধাৰ সন্মুখত পৰাজিত কৰ'ণা - কৰ'ণাৰ পৰাজয়
ক্ৰমাৎ মহিলাগৰাকীৰ শাৰীৰিক অৱস্থা শোচনীয় হোৱা বাবে চিকিৎসকে মহিলাগৰাকীক CU ত ভৰ্তি কৰায় ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালত এপষেক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠা মহিলাগৰাকীক দেওবাৰে চিকিৎসালয় কতৃপক্ষই অব্যাহতি দিয়ে ৷ পৰিয়ালৰ লোকে জনোৱা মতে, শনিবাৰে স্বাৱ পৰীক্ষাৰ ফলাফল নিগেটিভ অহাৰ পিচতেই সুস্থ হৈ উঠে বৃদ্ধাগৰাকী ৷
![85 বছৰীয়া বৃদ্ধাৰ সন্মুখত পৰাজিত কৰ'ণা Barpeta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8617004-604-8617004-1598793448544.jpg)
ক্ৰমাৎ মহিলাগৰাকীৰ শাৰীৰিক অৱস্থা শোচনীয় হোৱা বাবে চিকিৎসকে মহিলাগৰাকীক ICU ত ভৰ্তি কৰায় ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালত এপষেক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠা মহিলাগৰাকীক দেওবাৰে চিকিৎসালয় কতৃপক্ষই অব্যাহতি দিয়ে ৷ পৰিয়ালৰ লোকে জনোৱা মতে, শনিবাৰে স্বাৱ পৰীক্ষাৰ ফলাফল নিগেটিভ অহাৰ পিচতেই সুস্থ হৈ উঠে বৃদ্ধাগৰাকী ৷
উল্লেখ্য যে, ৮৫ বছৰীয়া এগৰাকী বৃদ্ধা, যিগৰাকী মহিলাই বিগত ১৭ বছৰ ধৰি প্ৰেচ মেকাৰৰ সহায়ত জীয়াই আছে, তেনে এগৰাকী বয়োজ্যেষ্ঠ মহিলাই কৰ'ণাৰ বিৰুদ্ধে যুঁজ দি এই মহামাৰীক পৰাজিত কৰি সুস্থ হৈ উঠা এই ঘটনাই সকলোকে উৎফুল্লিত কৰি তুলিছে ৷