জনীয়া, ১৪ অক্টোবৰ :ৰূপসী সংহত প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত কলগাছিয়াৰ খাৰবাল্লীত খহনীয়াৰ কবলত পৰি সম্পূৰ্ণৰূপে জাহ যোৱাৰ পথত ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয় (School on the way to collapse in erosion) । ভাৰত স্বাধীন হোৱাৰ পিছত খাৰবাল্লী গাঁৱত নিৰ্মাণ কৰা এই প্ৰাথমিক বিদ্যালয়খন এতিয়া খহনীয়াৰ কবলত (primary school in grip of erosion) ।
অন্ধকাৰ ভৱিষ্যতৰ দিশে প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী । উল্লেখযোগ্য যে বিগত বাৰিষাত খহনীয়াৰ কবলত পৰি দুটাকৈ শ্ৰেণীকোঠা নদীৰ বুকুত জাহ গৈছিল । কিন্তু বিগত কেইদিনমান ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বেঁকী নদীৰ বাঢ়নি পানীয়ে কালৰূপ ধাৰণ কৰাত ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয়ৰ আৰু এটা শ্ৰেণীকোঠা নৈৰ বুকুত জাহ যোৱাত মুঠ তিনিটা গৃহ সম্পূৰ্ণৰূপে নদীৰ বুকুত বিলীন হৈছে (massive erosion in Kalgasia Barpeta) ।
সেয়ে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে পৰিচালনা সমিতিৰ নিৰ্দেশমৰ্মে বিদ্যালয় গৃহ ভাঙি নিৰাপদ স্থানলৈ লৈ যাবলৈ হাতে-কামে লাগিছে স্থানীয় ৰাইজ । নিশাটোৰ ভিতৰতে সম্পূৰ্ণ বিদ্যালয়খন নদীৰ বুকুত জাহ যোৱাৰ আশংকা কৰিছে ৰাইজে । বিদ্যালয় খোলা হৈছে যদিও পাঠদান কৰা অসম্ভৱ হৈ পৰিছে । ফলত অইন স্থানত অস্থায়ীভাৱে মুকলি আকাশৰ তলত আৰম্ভ কৰা হৈছে পাঠদান ।