বৰপেটা ১১ জুন : বৰপেটাৰ হাউলীত আৰক্ষীৰ বৃহৎ সফলতা ৷ হাউলী চহৰত গ্ৰেপ্তাৰ ৮ জনীয়া দূধৰ্ষ ডকাইতৰ দল ৷ হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত হাউলী আৰক্ষীয়ে চলাইছিল অভিযান ৷ এই অভিযানতে আৰক্ষীৰ জালত পৰে ডকাইতৰ দলটো ৷ ডকাইত দলটোৰ পৰা উদ্ধাৰ প্ৰায় আঢ়ৈ কিলোগ্ৰাম ওজনৰ এটা সোণৰ মূৰ্তি ৷
ধৃত ডকাইত কেইজন হ'ল গোৱালপাৰাৰ ৰাখালডুবিৰ চফিউৰ ৰহমান, ৰকিবুল ইছলাম, চাহাজুল ইছলাম আৰু মুজাম্মিল হ'ক, মাৰকুল্লা কামাল বজাৰৰ মুক্তাৰ হুছেইন, আব্ৰাভিঠা গাঁৱৰ নুৰ আহচান আৰু বালাৰভিঠা গাঁৱৰ চানিদুল ইছলাম ৷ আনহাতে বঙাইগাঁওৰ ধনতোলাৰ ৰফিকুল ইছলামকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
হাউলী চহৰত গ্ৰেপ্তাৰ ৮ জনীয়া দূধৰ্ষ ডকাইতৰ দল ডকাইতকেইজনৰ পৰা উদ্ধাৰ নগদ ৪০,৫০০ টকা ৷ ডকাইত দলটোৰ পৰা টকাৰ আকৃতিৰ তিনিটা কাগজৰ বাণ্ডিলো উদ্ধাৰ ৷ দলটোৰ পৰা ডকাইতিত ব্যৱহৃত কিছু সৰঞ্জাম, ৮টা ম'বাইল ফোনো জব্দ কৰে আৰক্ষীয়ে ৷ দুখন অল্টোত আহিছিল ডকাইতৰ দলটো ৷ এখন গাড়ীৰ নম্বৰ AS-01- LC-6537 আৰু আনখন গাড়ী নম্বৰপ্লেটবিহীন ৷
ডকাইতৰ পৰা জব্দ কৰা অল্টো দুখন অল্টো গাড়ীদুখন জব্দ কৰিছে আৰক্ষীয়ে ৷ ৮জনীয়া দূধৰ্ষ ডকাইতৰ দলটোৰ গ্ৰেপ্তাৰক লৈ বৰপেটাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ হাউলী আৰক্ষীৰ এই সফলতাক ধন্যবাদ জনাইছে হাউলীৰ ৰাইজে ৷ ইতিমধ্যে ডকাইতৰ দলটোৰ পৰা আৰু অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক :ন্যায় অবিহনে দুবছৰ সম্পূৰ্ণ অভি-নীল হত্যাকাণ্ডৰ