অসম

assam

ETV Bharat / state

বিজয়া দশমীৰ দিনা বৰপেটাৰ বৰহিত জ্বলিল 72 ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি - অহংকাৰেই পতন কৰিছিল ৰাৱণক

বিজয়া দশমীৰ দিনা অৰ্থাৎ বুধবাৰে ৰাজ্যজুৰি পালন কৰা হয় ৰাৱণ দাহন অৰ্থাৎ দশেৰা (Dussehra Ravan Dahan 2022) ৷ বৰপেটাৰ বহৰিত দাহ কৰা হয় 72 ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি (72 feet Ravan effigies burnt in Barpeta)। ৰাৱণ দাহণৰ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পঞ্চায়ত সচিব গুণজিৎ দাসে ৷

Dussehra Ravan Dahan 2022
বৰহিত জ্বলিল 72 ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি

By

Published : Oct 6, 2022, 7:10 AM IST

বৰপেটা, 6 অক্টোবৰ :পূজাৰআনন্দোল্লাস পাছতে বুধবাৰে বিয়লিলৈ যেনম্লান পৰিল সমগ্ৰ ৰাজ্য ৷ মহালয়াত ধৰালৈ অহা দুৰ্গতি নাশিনী মা দুৰ্গা বিজয়া দশমীৰ দিনা পুনৰ কৈলাশলৈ ঘূৰি গ’ল ৷ মা দুৰ্গাৰ বিদায়ৰ এই দিনটোতে অৰ্থাৎ বিজয়া দশমীৰ দিনা দেশ তথা ৰাজ্যজুৰি পালন কৰা হ’ল ৰাৱণ দাহনৰ পৰ্ব (Dussehra Ravan Dahan 2022) ৷

দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ বৰপেটাৰ বহৰিতো পালন কৰা হয় ৰাৱণ দাহনৰ কাৰ্যসূচী (Vijayadashami Ravan Dahan 2022 in Assam) ৷ ৰাৱণ দাহন উপলক্ষে বহৰিত 72 ফুট উচ্চতাৰ ৰাৱণ দাহ কৰা হয় (72 feet Ravan effigies burnt in Barpeta)।

বহৰিৰ চান ভিউ খেলপথাৰত আয়োজিত হোৱা ৰাৱণ দাহন তথা দশেৰাৰ অনুষ্ঠানত পাঁচ সহস্ৰাধিক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় (Dashera at Bahari)। কেৱল এইবাৰেই নহয়, প্ৰতিবছৰে অসুয়া শক্তি বিনাশৰ হকে বিজয়া দশমী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বৰপেটাৰ বহৰিত ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰা হয় ৷

বৰহিত জ্বলিল 72 ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি

বহৰিত আয়োজিত এই ৰাৱণ দাহনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পঞ্চায়ত সচিব গুণজিৎ দাসে ৷ আনহাতে, দশেৰা উপলক্ষে বহৰিত আয়োজন কৰা হয় বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো ৷ এই অনুষ্ঠানত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীত পৰিৱেশন কৰা হয় ৷

উল্লেখ্য যে, হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি সমাজৰ পৰা অশুভ শক্তি বিনাশৰ হকে পালন কৰা হয় এই দশেৰা কাৰ্যসূচী ৷ প্ৰবাদ অনুসৰি, বিজয়া দশমীৰ দিনটোতেই ৰামৰ হাতত বধ হৈছিল ৰাৱণ ৷ অতি গুণী-জ্ঞানী হৈয়ো কেৱল মাত্ৰ অহংকাৰেই পতন কৰিছিল ৰাৱণক ৷

অহংকাৰেই যে পতনৰ মূল, সেই কথা প্ৰতিপন্ন কৰিবলৈ পূৰ্বৰে পৰা বিজয়া দশমীৰ দিনটোত দেশজুৰি পালন কৰা হয় ৰাৱণ দাহন বা দশেৰা ৷

লগতে পঢ়ক :মাংগলিক কাৰ্যসূচীৰে চতিয়াত দাহ কৰা হয় ৪০ ফুট ওখ ৰাৱণৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details