বৰপেটা,৯ ফেব্ৰুৱাৰীঃ ৰাজ্যখনত শান্তি আৰু জনসাধাৰণৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ সৈতে বিশেষ সহযোগিতাৰে নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা অসম গাওঁৰক্ষী বাহিনীৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন বৰপেটাত ৷ সাধাৰণ লোকৰ সৈতে আৰক্ষীৰ সহযোগিতা বৃদ্ধি আৰু দুৰ্গম গ্ৰামাঞ্চলসমুহত অপৰাধ নিয়ন্ত্ৰণৰ উদ্দেশ্যেৰে হৰিনাৰায়ণ বৰুৱাই ৭১ বছৰ পূৰ্বে গঠন কৰিছিল গাওঁৰক্ষী বাহিনী নামৰ সংগঠনটো ৷
বৰপেটাত গাওঁৰক্ষী বাহিনীৰ 71 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন - ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস
শান্তি আৰু জনসাধাৰণৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ সৈতে বিশেষ সহযোগিতাৰে নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা অসম গাওঁৰক্ষী বাহিনীৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন বৰপেটাত ৷ সাধাৰণ লোকৰ সৈতে আৰক্ষীৰ সহযোগিতা বৃদ্ধি আৰু দুৰ্গম গ্ৰামাঞ্চলসমুহত অপৰাধ নিয়ন্ত্ৰণৰ উদ্দেশ্যেৰে হৰিনাৰায়ণ বৰুৱাই ৭১ বছৰ পূৰ্বে গঠন কৰিছিল গাওঁৰক্ষী বাহিনী নামৰ সংগঠনটো ৷
প্ৰতিষ্ঠাকালৰ পৰাই সমাজত একপ্ৰকাৰৰ প্ৰহৰীৰ ভূমিকা গ্ৰহণ কৰি আহিছে গাওঁৰক্ষী বাহিনীটোৱে ৷ বৰপেটা জিলাত প্ৰায় ৭০০ খন গাওঁৰক্ষী বাহিনীয়ে আইন-শৃংখলা অটুট ৰক্ষাৰ দায়িত্ব পালন কৰি আহিছে ৷ সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস দেওবাৰে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় ৷ বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষী ছাউনীত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা অনুষ্ঠানটোত গাওঁৰক্ষী বাহিনীৰ সভাপতি বিনোদ শৰ্মাই পতাকা উত্তোলন কৰে ৷ ইয়াৰ পিছত বৰপেটাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে স্মৃতি তৰ্পণৰ জৰিয়তে বাহিনীটোৰ সৈতে আজীৱন জড়িত হৈ মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি বাহিৰ কৰা সাংস্কৃতিক শোভাযাত্ৰাটো মুকলি কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ শোভাযাত্ৰাৰ অন্তত এক মুকলি সভা অনুষ্ঠিত কৰা হয় ৷
লগতে চাওকঃমাঘী পূৰ্ণিমা উপলক্ষে গোৱালপাৰাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল