বৰপেটাৰোড, ২২জানুৱাৰী : দেওবাৰে সামৰণি পৰিল বৰপেটাৰোডত অনুষ্ঠিত হোৱা অসম নাট্য সন্মিলনৰ 61 সংখ্যক অধিৱেশনৰ(Asom Natya Sanmilan) ৷ অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী বিমল বড়া আৰু মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ উল্লেখ্য যে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নেতৃত্বত 1959 চনত ডিব্ৰুগড় চহৰত জন্ম লাভ কৰা অসম একাংক নাট্য সন্মিলনখনে সময়ৰ সোঁতত ৰূপান্তৰৰ মাজেদি অসম নাট্য সন্মিলন হিচাপে পৰিচিত হৈ পৰে(Asom Natya Sanmilan in Barpeta) ৷
সামৰণি অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী বিমল বড়াই(Minister Bimal Bora) কয় যে, অসমৰ নাট্য আন্দোলন সু-সংঘবদ্ধভাৱে আগবঢ়াই নিবলৈ সেই সময়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে গঠন কৰা নাট্য সন্মিলনখনিয়ে 61 বছৰত ভৰি দিছে ৷ বৰপেটাৰোডত অনুষ্ঠিত অধিৱেশনখনৰ জড়িয়তে এক সুন্দৰ বাতাবৰণ সৃষ্টি হৈছে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চিহ্নযাত্ৰাৰে আৰম্ভ কৰা নাটকৰ এই ধাৰাটোক অসম নাট্য সন্মিলনে আধুনিক ৰূপত শক্তিশালীভাৱে আগুৱাই লৈ যাব বুলিও আশা প্ৰকাশ কৰে মন্ত্ৰী বিমল বড়াই ৷
উল্লেখ্য যে, বিগত 18 জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা নাট্য সন্মিলনৰ এই অধিৱেশনত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ কেইবাটাও নাট্যদলে অংশগ্ৰহণ কৰে ৷ দেওবাৰে অধিৱেশনৰ অন্তিম দিনাৰ কাৰ্যসূচীত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ পৰা জি এল আগৰৱালা সোঁৱৰণি শিল্পী বঁটা বিশিষ্ট আলোক শিল্পী কল্যান দে'ক আৰু তৰণীকান্ত ৰয় জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হয় বলিউডৰ বিশিষ্ট পৰিচালক এম.কে. ৰাইনাক ।