অসম

assam

ETV Bharat / state

বৰপেটাত দৌল মহোৎসৱৰ পূৰ্বে আৰক্ষীয়ে জব্দ কৰিলে 600 বটল সুৰা - বৰপেটা

বৰপেটাত আৰক্ষী বিষয়া পংকজ যাদৱৰ নেতৃত্বত অবৈধ সুৰাৰ বিৰুদ্ধে তীব্ৰ অভিযান ৷ অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমানৰ সুৰা জব্ধ কৰাৰ লগতে এজন সুৰা ব্যৱসায়ীক আটক কৰিছে ৷

ETV BHARAT
বৰপেটাত দৌল মহোৎসৱৰ পূৰ্বে আৰক্ষীয়ে জব্দ কৰিলে 600 বটল সুৰা

By

Published : Mar 5, 2020, 10:59 PM IST

বৰপেটা, ৫ মাৰ্চঃ সত্ৰ নগৰী বৰপেটাত দৌল মহোৎসৱৰ পূৰ্বে সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান ৷ আৰক্ষীৰ এই অভিযানত প্ৰায় 600 বটল সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷

বৰপেটাত দৌল মহোৎসৱৰ পূৰ্বে আৰক্ষীয়ে জব্দ কৰিলে 600 বটল সুৰা

আগন্তুক দৌল উৎসৱ উপলক্ষে সত্ৰ নগৰীত আৰক্ষীয়ে অব্যাহত ৰাখিছে সুৰাৰ বিৰুদ্ধে তীব্ৰ অভিযান ৷ ইতিমধ্যে বৰপেটাৰ আৰক্ষী বিষয়া পংকজ যাদৱৰ নেতৃত্বত যোৱা নিশা চহৰৰ বিভিন্ন ঠাইত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমানৰ সুৰা ৷ লগতে এজন সুৰা ব্যৱসায়ীকো আটক কৰে আৰক্ষীয়ে ৷ দৌল মহোৎসৱত সুৰাৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে আৰক্ষীয়ে চলোৱা এই অভিযানক সকলো ৰাইজে আদৰণি জনাইছে ৷

লগতে পঢ়ক - ডিব্ৰুগড়ত শোৱনি কোঠাত সোমাল তীব্ৰবেগী ডাম্পাৰ

ABOUT THE AUTHOR

...view details