অসম

assam

ETV Bharat / state

বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি 6গৰাকী কোভিড-19 আক্ৰান্ত

ইয়াৰে বৰপেটা জিলাৰ তিনিওজন লোক কয়াকুছি কোৱাৰেণ্টাইন কেন্দ্ৰত সাত দিনৰ প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন শেষ কৰি হোম কোৱাৰেণ্টাইনত আছিল আৰু ঘৰত থকা অৱস্থাতে লোক তিনিজন কোভিড পজিটিভ বুলি চিনাক্ত হয় ৷

By

Published : May 29, 2020, 11:18 PM IST

বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি 6গৰাকী কোভিড-19 আক্ৰান্ত
বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি 6গৰাকী কোভিড-19 আক্ৰান্ত

বৰপেটা, ২৯ মে' :বৰপেটা মেডিকেল কলেজ হস্পিতালত পুনৰ ভৰ্তি কৰা হৈছে ছয়গৰাকী কৰ'ণা আক্ৰান্ত ৰোগী ৷ শুকুৰবাৰে ভৰ্তি কৰা কোভিড ১৯ পজিটিভ ৰোগীকেইগৰাকী হৈছে, ভৱানীপুৰ চৌধুৰী পাৰাৰ খৰ্গেশ্বৰ শীল (২৮), পাঠশালা চহৰৰ ৩ নং ৱাৰ্ডৰ নিশান্ত মেধি (২১), ভৱানীপুৰ চেংলিমাৰীৰ খৰ্মান্দৌ বড়ো ৷

কালি স্বাস্থ্যমন্ত্ৰী ড0 হিমন্তবিশ্ব শৰ্মাই বৰপেটাৰ এই তিনিজন লোক কৰ'ণাত আক্ৰান্ত হোৱা বুলি সদৰি কৰিছিল ৷

ইপিনে ধুবুৰীৰ ছাগালখুটি গাৱৰ হাচেন আলী শ্বেখ (২৪), বঙাইগাও জিলাৰ চলাবিলৰ নজৰুল ইছলাম (২২), আৰু ধুবুৰী জিলাৰ গৌৰীপুৰৰ বিশ্বজিৎ ভৌমিককো (৪৮) আজি বৰপেটা মেডিকেল কলেজ হস্পিটালত ভৰ্তি কৰা হৈছে ৷ এই আটাই কেইগৰাকী লোক বহিঃৰাজ্যৰ পৰা অসমলৈ আহি কোৱাৰেন্টাইনত আছিল ৷

ইয়াৰে বৰপেটা জিলাৰ তিনিওজন লোক কয়াকুছি কোৱাৰেণ্টাইন কেন্দ্ৰত সাত দিনৰ প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন শেষ কৰি হোম কোৱাৰেণ্টাইনত আছিল আৰু ঘৰত থকা অৱস্থাতে লোক তিনিজন কোভিড পজিটিভ বুলি চিনাক্ত হয় ৷

ইপিনে বৰপেটা জিলাৰ তিনিওজন কোভিড ১৯ পজিটিভ বুলি চিনাক্ত হোৱাৰ পিচতে তেওঁলোকৰ সান্নিধ্যলৈ অহা পৰিয়ালৰ লোকসকলকো সম্প্ৰতি কোৱাৰেন্টাইন কৰাৰ লগতে শ্বাব সংগ্ৰহ কৰা হ'ব ৷ আনহাতে তিনিওটা পৰিয়ালৰ ঘৰৰ এলেকাটো কন্টেইনমেন্ট জ'ন কৰা হ'ব বুলিও স্বাস্থ্য বিভাগে জানিবলৈ দিছে ৷ এই মূহুৰ্তত বৰপেটা মেডিকেল কলেজ হাস্পতালত ৩৩ গৰাকী কোভিড ১৯ পজিটিভ ৰোগী চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details