বৰপেটা, 9 এপ্ৰিল : দেশত আৰম্ভ হৈছে কৰণা’ৰ দ্বিতীয়টো ঢৌ ৷ শুকুৰবাৰৰ দিনটোত সমগ্ৰ দেশত 1 লাখতকৈ অধিক লোক কৰণা’ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ অসমতো ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কৰণা’ত আক্ৰান্তৰ সংখ্যা ৷ শুকুৰবাৰে পাঠশালাত সুশান্ত বৰুৱা (26), টুকুৰাকুছি গাঁৱৰ কল্পজিৎ দাস(24) বছৰীয়া যুৱকৰ দেহত কৰণা’ক অৱস্থিতি ধৰা পৰিছে ৷
বজালীত ছয় গৰাকী ব্যক্তিৰ দেহত কৰণা’ৰ অৱস্থিতি - টিহুৰ ভালুকী গাঁৱ
দেশত আৰম্ভ হৈছে কৰণা’ৰ দ্বিতীয়টো ঢৌ ৷ বজালী জিলাত কভিডত আক্ৰান্ত 6 গৰাকীকৈ ব্যক্তি ৷
বজালীত ছয় গৰাকী ব্যক্তিৰ দেহত কৰণা’ৰ অৱস্থিতি
ঠিক তেনেদৰে টিহুৰ ভালুকী গাঁৱৰ সুবল শৰ্মা (60) ,সবিতা পাঠক (৩০), পাঠশালাৰ লাচিত নগৰৰ অমন্দ্ৰে পাঠক (৫০) আৰু বৰপেটা জিলাৰ চাপাৰবড়ীৰ আহিদুল ইছলাম (30) দেহত কৰণা’ৰ অৱস্থিতি ধৰা পৰে ৷ উল্লেখ্য যে, ক’ভিডত আক্ৰান্ত ছয়গৰাকী ব্যক্তিৰ নাছিল কোনোধৰণৰ ভ্ৰমনসূচী ৷ সম্প্ৰতি হোম কোৱাৰান্টাইন আছে আক্ৰান্ত ছয়গৰাকী ব্যক্তি ৷
লগতে পঢ়ক:পশ্চিম বংগৰ সুভেন্দু অধিকাৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ জাননী