পাঠশালা, 1 অক্টোবৰ:আজি ভ্ৰাম্যমাণৰ ওপজা দিন ৷‘ভোগজৰা’ নাটৰে আৰম্ভ হোৱা ভ্ৰাম্যমানৰ এই সোণোৱালী যাত্ৰাই অতিক্ৰম কৰিলে 57 টা বছৰ ৷
পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত অচ্যুৎ লহকৰে আৰম্ভ কৰিছিল ভ্ৰাম্যমাণৰ যাত্ৰা ৷ গৌৰৱৰ জখলাৰে আগুৱাই যোৱা ভ্ৰাম্যমাণৰ এই যাত্ৰাই পাৰ কৰি আহিছে বহুতো বহু ঘাত-প্ৰতিঘাত ৷ শুকুৰবাৰে পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত উদযাপন কৰা হ’ল ভ্ৰাম্যমাণৰ ওপজা দিন ৷ এই অনুষ্ঠানত 15 গৰাকী প্ৰবীন ভ্ৰাম্যমাণ শিল্পীক সম্বৰ্ধনা জনোৱা হয় ৷
এই অনুষ্ঠানত অসমৰ একমাত্ৰ বড়ো থিয়েটাৰৰ প্ৰযোজক চন্দ্ৰকান্ত মুছাহাৰী তথা জনপ্ৰিয় অভিনেতা সঞ্জীৱ শৰ্মাই ভ্ৰাম্যমান থিয়েটাৰৰ সংকট কালৰ কথা ব্যক্ত কৰে ৷ একে সময়তে আজি এই অনুষ্ঠানত কেক কাটি ভ্ৰাম্যমাণৰ জন্মদিন পালন কৰা হয় ৷