বৰপেটা, ৫ অক্টোবৰ:বৈষ্ণৱ ধৰ্ম প্ৰচাৰক চাৰিওজনা গুৰুৰ মিলনভূমি সত্ৰনগৰী বৰপেটা জিলাৰ প্ৰায়বোৰ সত্ৰ-নামঘৰতে আজি অৰ্থাৎ বুধবাৰে সত্ৰীয়া ৰীতি পৰম্পৰাৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱ পালন কৰা হয়(574th Birth anniversary of Srimanata Sankardev) ৷ বৰপেটা সত্ৰতো সত্ৰীয় ৰীতি পৰম্পৰা অনুসৰি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ (Sankardeva birth anniversary celebrations) ৷
আজি পুৱাৰে পৰা বৰপেটা সত্ৰ প্ৰাংগন হৰিনাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰা পৰিলক্ষিত হয় ৷ সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত পালন কৰা গুৰুজনাৰ জন্মোৎসৱত বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকো উপস্থিত থাকে ৷ সত্ৰনগৰীৰ ভকত বৈষ্ণৱ, বাপ-বান্ধৱ, আই-মাতৃ সকলো সত্ৰত উপস্থিত হৈ গুৰুজনালৈ সেৱা ভক্তি নিবেদন কৰে ৷