অসম

assam

ETV Bharat / state

পাটবাউসী সত্ৰত গুৰুজনাৰ 453 সংখ্যক তিৰোভাৱ তিথি পালন - মুখা শিল্প

ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথি ৷ এই তিথিতেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ইহলীলা সামৰি বৈকুণ্ঠলৈ গমন কৰিছিল ৷ সেই অনুসৰি বুধবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যৰ সত্ৰ, নামঘৰ, ৰাজহুৱা অনুষ্ঠান আদিত গুৰুজনাৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি পালন কৰা হৈছে ৷

453 rd Tithi of srimanta sankardev at Patbausi Satra barpeta etv bharat news
পাটবাউসী সত্ৰ

By

Published : Sep 8, 2021, 1:56 PM IST

Updated : Sep 8, 2021, 2:09 PM IST

বৰপেটা, 8 ছেপ্তেম্বৰ :নামনি অসমৰ সত্ৰ নগৰী হিচাপে খ্যাত বৰপেটা ৷ অসমৰ ইতিহাসত নিগাজী স্থান আছে বৰপেটাৰ ৷ এইখন জিলাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে মহাপুৰুষ মাধৱদেৱে সত্ৰ স্থাপন কৰি ইয়াৰ মৰ্যাদা দুগুণে বৃদ্ধি কৰি থৈ গৈছে ৷

পাটবাউসী সত্ৰ চৌহদ

বুধবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ 453 সংখ্যক তিৰোভাৱ তিথি ৷ বৰপেটাৰ বহুকেইখন সত্ৰত পালন কৰা হৈছে গুৰুজনাৰ তিথি ৷ মহাপুৰুষ শংকৰদেৱে বৰপেটাত স্থাপন কৰা পাটবাউসী সত্ৰতো পালন কৰা হৈছে গুৰুজনাৰ তিথি ৷

পাটবাউসী সত্ৰৰ বাহিৰৰ দৃশ্য

পূৰ্বে 10 দিনীয়াকৈ গুৰুজনাৰ তিথি পালন কৰা সত্ৰখনে এইবেলি এই কাৰ্যসূচী অনুষ্টুপীয়াকৈ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

গুৰুজনাৰ 453 সংখ্যক তিৰোভাৱ তিথি পালন

গুৰুজনাৰ লগতে প্ৰিয় শিষ্য মাধৱদেৱ, হৰিদেৱ আৰু দামোদৰদেৱৰ লগতে অনেক শিষ্যৰ মিলনভূমি পাটবাউসীক কেন্দ্ৰ কৰিয়েই অসমত ভক্তি আন্দোলনে পূৰ্ণতা পাইছিল ৷ পাটবাউসীত সত্ৰ পাতি গুৰুজনাই ১৮ বছৰ ৬ মাহ কাল অতিবাহিত কৰি অসম-কোচবিহাৰত সত্ৰ স্থাপনত আগভাগ লৈছিল ৷

গুৰুজনাই লিখা সাঁচিপাতৰ পুথি

এই পাটবাউসী সত্ৰতে মহাপুৰুষ শংকৰদেৱৰ সাঁচিপাতত কৰা ৰচনাসমূহৰ লগতে ব্যৱহাৰ কৰা পীৰাখনো সংৰক্ষিত আছে ৷ পাটবাউসী সত্ৰত গুৰুজনাই ব্যৱহাৰ কৰা গা ধোৱা শিল, গুৰু পত্নী আই কালিন্দীৰ শয্যা, শয্যাৰ তুলা আদিকে ধৰি ব্যৱহাৰ কৰা অনেক সম্পদ সংৰক্ষিত হৈ আছে ৷

গুৰু পত্নী আই কালিন্দীৰ শয্যা

তাৰোপৰি গুৰুজনাৰ দিনত ভাওনাত ব্যৱহৃত অনেক মুখা এতিয়াও সত্ৰখনত থকা দেখা গৈছে ৷ গুৰুজনাৰ অনেক অমূল্য সম্পদ সংৰক্ষিত হৈ থকা পাটবাউসী সত্ৰই অসমৰ সত্ৰীয়া সংস্কৃতিত সদায়েই অতুল্য স্থান লাভ কৰি আহিছে ৷

সাঁচিপাতত বিৰচিত ৰাম বিজয় নাট

লগতে চাওক:দিহানামেৰে মুখৰিত ঢেকীয়াখোৱা বৰ নামঘৰ প্ৰাংগণ

Last Updated : Sep 8, 2021, 2:09 PM IST

ABOUT THE AUTHOR

...view details