অসম

assam

By

Published : Jul 3, 2020, 5:43 PM IST

ETV Bharat / state

বৰপেটাৰোডত ৪ গৰাকী আৰক্ষীৰ দেহত কোভিড-১৯

বৰপেটাৰোড আৰক্ষী থানাৰ ৪ গৰাকী আৰক্ষীৰ দেহত কোভিড-১৯ৰ অৱস্থিতি পোৱা গৈছে ৷ আক্ৰান্ত লোক কেইজনক স্বাস্থ্য বিভাগে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷

4 More police corona positive in Barpetaroad
4 More police corona positive in Barpetaroad

বৰপেটাৰোড, ৩ জুলাই :বৰপেটাৰোড আৰক্ষী থানাৰ ৪ গৰাকী আৰক্ষীৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে ৷ আক্ৰান্ত হোৱা আৰক্ষীৰ লোক কেইজন হৈছে জলেশ্বৰ দাস, অনন্ত দাস, গপেশ দাস আৰু গাড়ী চালক বিপুল মুছাহাৰী বুলি জানিব পৰা গৈছে ৷ এই তথ্য প্ৰকাশ কৰিছে বৰপেটা জিলা জন সংযোগ বিভাগে ৷

বৰপেটাৰোডত ৪ গৰাকী আৰক্ষীৰ দেহত কোভিড-১৯ পজিটিভ

ইতিমধ্যে, আক্ৰান্ত লোক কেইজনক স্বাস্থ্য বিভাগে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷ থানা খনৰ চাৰি গৰাকীকৈ লোক কোভিড-১৯ আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ পিচতে সমগ্ৰ অঞ্চলতে বৰ্তমান আতংকই বিৰাজ কৰিছে ।

বৰপেটাৰোডত ৪ গৰাকী আৰক্ষীৰ দেহত কোভিড-১৯ পজিটিভ

লগতে পঢ়ক : কৰিমগঞ্জত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details