অসম

assam

ETV Bharat / state

বৰপেটাৰ হাউলীত নিচাযুক্ত দৰৱৰ বটলসহ আৰক্ষীৰ জালত অভিযুক্ত - নিচাযুক্ত দৰৱ

বিগত ৫ টা দিনত বৰপেটা জিলাৰ কেইবাটাও স্থানত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰীসহ ৮ জনকৈ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ সোমবাৰে পুনৰ নিচাযুক্ত দ্ৰব্য কঢ়িয়াই অনা অ'টো চালক এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

৩১ টা কাৰ্টুনত নিচাযুক্ত দৰৱৰ বটলসমূহ ভৰাই আনিছিল চালকজনে
৩১ টা কাৰ্টুনত নিচাযুক্ত দৰৱৰ বটলসমূহ ভৰাই আনিছিল চালকজনে

By

Published : Sep 7, 2020, 7:28 PM IST

বৰপেটা, 7 ছেপ্তেম্বৰ:নিচাজাতীয় সামগ্ৰীৰ ঘাঠিত পৰিণত হৈছে বৰপেটা ৷ দেওবাৰে এজন লোকক গ্ৰেপ্তাৰ কৰাৰ পাচতে সোমবাৰে পুনৰ বৰপেটা গ্ৰেপ্তাৰ হ'ল নিচাযুক্ত দ্ৰব্য কঢ়িয়াই অনা অ'টো চালক ৷ হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত চলা এক অভিযানত আৰক্ষীয়ে হাউলী চাৰিআলিত জব্দ কৰে প্ৰায় তিনি হাজাৰ কাহৰ দৰৱ ৷ AS-28 C-7728 নম্বৰৰ এখন অ'টোত কঢ়িয়াই আনিছিল দৰৱ সমূহ ৷

৩১ টা কাৰ্টুনত নিচাযুক্ত দৰৱৰ বটলসমূহ ভৰাই আনিছিল চালকজনে

ধৃত চালকজন বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ শিমলাগুৰিৰ বুলি জানিব পৰা গৈছে ৷ ৩১ টা কাৰ্টুনত নিচাযুক্ত দৰৱৰ বটলসমূহ ভৰাই আনি জালত পৰা অভিযুক্ত জনৰ সৈতে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, জিলাখনত প্ৰতিদিনেই নিচাযুক্ত দৰৱৰ বটল, টেবলেট, ব্ৰাউন চুগাৰ আদি জব্দ কৰি আছে আৰক্ষীয়ে ৷ এনে ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলা খনত ৷

বৰপেটাৰ হাউলীত নিচাযুক্ত দৰৱৰ বটলসহ আৰক্ষীৰ জালত অভিযুক্ত

লগতে পঢ়ক:ব্ৰাউন চুগাৰসহ বৰপেটাত গ্ৰেপ্তাৰ আৰু এজন ড্ৰাগছ ব্যৱসায়ী

ABOUT THE AUTHOR

...view details