বৰপেটা, ২১ আগষ্ট: বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই তালিবানী সমৰ্থকক তিনিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে ৷ উল্লেখযোগ্য যে, ফেচবুক যোগে তালিবানৰ প্ৰতি সমৰ্থন জনাই পোষ্ট কৰাৰ অভিযোগত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মাজিদুল ইছলাম আৰু ফাৰুক হুছেইন খানক ৷ তাৰপাছতে শনিবাৰে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল ৷
ইপিনে আৰক্ষীয়ে দুই অভিযুক্তক বিচাৰি কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই আদালতে দুই তালিবানী সমৰ্থকক তিনিদিনৰ বাবে আৰক্ষী জিম্মাত প্ৰদান কৰে শনিবাৰে ৷ ঘটনা অনুসৰি আফগানিস্থানত দুধৰ্ষ ইছলামিক জেহাদী সংগঠন তালিবানৰ উত্থানৰ পিচতেই বৰপেটাৰ এই দুই যুৱকে সামাজিক মাধ্যমযোগে তালিবানৰ প্ৰতি প্ৰকাশ কৰিছিল সমৰ্থন ৷
বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই তালিবানী সমৰ্থকক তিনিদিনৰ আৰক্ষী জিম্মালৈ লগতে পঢ়কঃ তালিবানৰ ভয়ত দেশ এৰিছে আফগানীয়ে : অসমত থাকি তালিবানলৈ দৰদ জাগিছে কাৰ ?
তাৰ পাছতে সামাজিক মাধ্যমত তালিবানৰ সমৰ্থকৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই বৰপেটা আৰক্ষীয়ে অভিযান চলাই জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া বালিকুৰি গাঁৱৰ মাজিদুল ইছলাম আৰু চেঙা সমষ্টিৰ হাঁহচৰা গাঁৱৰ ফাৰুক হুছেইন খান নামৰ দুই তালিবানী সমৰ্থকক গ্ৰেপ্তাৰ কৰিছিল ৷
লক্ষণীয় যে, আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা তালিবানী সমৰ্থক মাজিদুল ইছলাম AIUDF ৰ ছাত্ৰ সংগঠন UDSF অৰ্থাৎ সংযুক্ত গণতান্ত্ৰিক ছাত্ৰ ফেডাৰেছনৰ বৰপেটা জিলা সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ লগতে জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰো ঘনিষ্ঠ বুলি জানিব পৰা গৈছে ৷
সম্প্ৰতি বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ ছাত্ৰ সংগঠনৰ নেতা এগৰাকী তালিবানৰ সমৰ্থক হিচাপে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই বিশেষ গুৰুত্ব বহন কৰিছে ৷
লগতে পঢ়কঃ আন্তঃজিলা যাতায়াত মুকলিৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান