বৰপেটা, ৩ আগষ্ট: বৰপেটা আৰক্ষীৰ জালত পৰিল ঈশান উদয় বৃত্তি কেলেংকাৰীৰ জড়িত ৩ জন লোক । উত্তৰ-পূৰ্ৱাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰদান কৰা ছাত্ৰ বৃত্তিৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰি আহিছিল ৰূপচান্দ আলী, ছাহনুৰ আৰু ছহিদুল মীৰ নামৰ লোককেইজনে । বৰপেটা আৰক্ষীয়ে প্ৰথমে ৰূপচান্দ আলী, ছাহনুৰ, ছহিদুল মীৰ ওৰফে টিপু, আচুৰ উদ্দিন, তাৰু আলি, চাদ্দাম শিকদাৰ, দানিছ খান, চম্পিয়াৰা খাতুন, হালিদা বেগম আৰু মহিৰুদ্দিনক সোধা-পোছা কৰে । পাছত ৭ জন অভিযুক্তক মুকলি কৰি দিয়ে আৰু আৰক্ষীয়ে ৰূপচান্দ আলী, ছাহনুৰ আৰু ছহিদুল মীৰক গ্ৰেপ্তাৰ কৰে ৷
অভিযুক্তকেইজনৰ পৰা আৰক্ষীয়ে ১২ টা মোবাইল ফোন, দুটা প্ৰিন্টাৰ, এটা লেপটপ, ২৫ খন এ টি এম কাৰ্ড, ১৭ খন ডেবিট কাৰ্ড, ৫ টা বেলেগ বেলেগ বেংকৰ পাছবুক, চেকবুক, আৰু দুখন আধাৰ কাৰ্ডৰ লগতে বহুসংখ্যক ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু প্ৰমাণপত্ৰৰ প্ৰতিলিপি আৰু এটা স্বোৱাইপ মেচিন জব্দ কৰে ৷ হাজাৰ হাজাৰ ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত কোটি কোটি টকা উলিয়াই নিছিল এই চক্ৰটোৱে । আনহাতে, এই কেলেংকাৰীৰ মূল অভিযুক্ত বৰপেটাৰ দামালঝাৰ গাঁৱৰ মিনহাজুল হক আৰু শিলা গাঁৱৰ ৰকিবুল খান এতিয়াও পলাতক হৈ আছে ৷