জনিয়া, 2 আগষ্ট:বেঁকী নৈৰ গৰাখহনীয়াত চপৰা-চপৰে খহিছে কলগাছিয়াৰ কৰাৰকুৰ ২ নং বিকল্প ৰাজ্যিক ঘাইপথচোৱা । যি কোনো মূহুৰ্ততে ২ নং বিকল্প ৰাজ্যিক ঘাইপথচোৱা বেঁকী নৈৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । এনে এক বিপদসংকুল পৰিস্থিতিত আপোন ঘৰ, খেতি মাটি হেৰুওৱাৰ শংকাত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে নৈপৰীয়া ৰাইজে (Erosion caused by Beki river) ৷
আনহাতে, বিভাগীয় কৰ্তৃপক্ষই খহনীয়া প্ৰতিৰোধৰ বাবে দিনে-নিশাই কাম কৰি আছে যদিও সময়মতে আৰু সঠিকভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ কাম নকৰাৰ বাবেই আজি এই গুৰুত্বপূৰ্ণ পথটো গৰাখহনীয়াৰ কৱলত পৰি নিশ্চিহ্ন হোৱাৰ পথত বুলি অভিযোগ কৰিছে ৰাইজে । ইফালে, সোমবাৰে দিনৰ পৰাই আৰম্ভ হোৱা বেঁকী নৈৰ বাঢ়নী পানীৰ কোবাল সোঁতে সম্পূৰ্ণ ভাৱে খহাই নিলে ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ পুৰণি পথটো (Erosion of Beki river at Kalgachia) ।