অসম

assam

ETV Bharat / state

Highway road open in kalgachia: আংশিকভাৱে মুকলি বামুনটাৰীস্থিত দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথ - Erosion in Assam

কলগাছিয়াৰ বামুনটাৰীস্থিত দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথ শনিবাৰে নিশা সাময়িকভাৱে মুকলি কৰি দিয়ে বৰপেটা জিলা প্ৰশাসনে (2nd Alternative State Highway in Kalgachia is temporarily opened)। বেকী নদীৰ খহনীয়াৰ ফলত পথৰ এটা অংশ নদীৰ বুকুত জাহ যোৱাৰ ফলত প্ৰশাসনে বন্ধ কৰি দিছিল উক্ত পথচোৱা ৷ পুনৰ পথচোৱা খুলি দিয়াত বিভাগীয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে স্থানীয় ৰাইজে ।

2nd Alternative State Highway in Kalgachia is temporarily opened by Barpeta District Administration
Highway road open in kalgachia: আংশিক ভাৱে মুকলি বামুনটাৰীস্থিত দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথ

By

Published : Jul 17, 2022, 1:20 PM IST

জনিয়া, 17 জুলাই: ৰাজ্যত বানৰ সমান্তৰালকৈ খহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বহু ঘৰ-বাৰী, ৰাস্তা-ঘাট (Erosion in Assam) ৷ খহনীয়াত বাট-পথ উটুৱাই লৈ যোৱাত যাতায়াতত ব্যৱস্থাত বহু সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ (Beki river erosion) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো ৰাস্তা-ঘাটৰ বিস্তৰ ক্ষতি সাধন হয় খহনীয়াত ৷

কলগাছিয়াৰ বামুনটাৰীস্থিত অভয়াপুৰী পৰা আমিনগাঁওলৈ যোৱা ২নং বিকল্প ৰাজ্যিক ঘাইপথৰ শওপুৰত যোৱা বৰ্ষত বাৰিষা আৰু বেকী নদীৰ খহনীয়াৰ ফলত পথৰ এটা অংশ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হয় । যাৰ পৰিপ্ৰেক্ষিতত প্ৰায় এবছৰ পৰা উক্ত ঘাইপথটোৰ বামুনটাৰী অংশত যান-বাহন চলাচল বন্ধৰ ফলক আঁৰি সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল । ফলত ৰাজ্যিক ঘাইপথেৰে যান বাহন চলাচল কৰা পথচাৰীসকলে অসুবিধাৰ সন্মুখীন হৈছিল ৷

Highway road open in kalgachia: আংশিক ভাৱে মুকলি বামুনটাৰীস্থিত দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথ

সেয়েহে, ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটাৰ সাংসদ আব্দুল খালেকে বৰপেটা জিলা প্ৰশাসনৰ ওচৰত এখন আবেদন দাখিল কৰিছিল ।

সেই আবেদন মৰ্মে আঁৰি থোৱা পথ বন্ধৰ ফলক আঁতৰাই বামুনটাৰীৰ পৰা বৰপেটালৈ যোৱা ৰাজ্যিক ঘাইপথ সাময়িকভাৱে মুকলি কৰি দিয়ে প্ৰশাসনে (Highway from Bamuntari to Barpeta is temporarily open) ৷ ৰাইজৰ সুবিধাৰ্থে চাৰিচকীয়া বাহন, সৰু মটৰ, ই-ৰিক্সা আদিৰ ক্ষেত্ৰত যাতায়তৰ সুবিধা কৰি দিয়ে প্ৰশাসনে । যাৰ বাবে শনিবাৰে নিশা বামুনটাৰীৰ সচেতন ব্যক্তিৰ লগতে ৰাইজে এই কাৰ্যক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শওপুৰস্থিত ৰাজ্যিক ঘাইপথৰ খহনীয়া অতি সোনকালে মেৰামতি কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:স্কুটী চলাই বগৰীবাৰীৰ বান চালেগৈ মুখ্যমন্ত্ৰীয়ে

For All Latest Updates

ABOUT THE AUTHOR

...view details