জনীয়া, ২০ ছেপ্টেম্বৰ: সমগ্ৰ দেশৰ লগতে অসমতো বিগত বৰ্ষৰ পৰাই ক'ভিড-১৯ মহামাৰীয়ে ভয়াৱহ ৰূপ লৈছে । এনে পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহত পাঠদান বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰে । অনলাইনযোগে পাঠদান কৰোৱা হৈছিল ছাত্ৰ-ছাত্ৰীসকলক । সুদীৰ্ঘ ৫ মাহৰ অন্তত সোমবাৰে পুনৰ ৰাজ্যৰ উচ্চ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰা হৈছে ।
বৰপেটাৰ কলগাছিয়াৰ দক্ষিণ ৰূপসী হাইস্কুলতো আজিৰে পৰা দশম শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছে । ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষই সজাই তুলিছে বিদ্যালয়খন । দশম শ্ৰেণীৰ ছাত্র-ছাত্ৰীক আদৰিবলৈ বিদ্যালয়সমূহত তোৰণ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল । সেইমৰ্মে বৰপেটা জিলাৰ বলাইপথাৰৰ দক্ষিণ ৰূপসী হাইস্কুলত আটক ধুনীয়া তোৰণ নিৰ্মাণ কৰা হৈছে ।
নতুন আশা লৈ বিদ্যালয়লৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল লগতে পৰিস্কাৰ কৰা হৈছে বিদ্যালয় চৌহদ । চেনিটাইজ কৰা হৈছে শ্ৰেণীকোঠাসমূহ । ফুলাম গামোচাৰে দশম শ্ৰেণীৰ ছাত্র-ছাত্ৰীক আদৰণি জনাইছে শিক্ষক-শিক্ষয়িত্ৰীসকলে ।
কেইবামাহৰ পিছত বিদ্যালয় পুনৰ খোলাত ছাত্র-ছাত্ৰীৰ লগতে শিক্ষকসকলো আনন্দিত হৈ পৰিছে । অনলাইন পদ্ধতিৰ পৰিৱৰ্তে বিদ্যালয়ত পাঠদান আৰম্ভ কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ শলাগ লৈছে স্থানীয় ৰাইজে । আনহাতে, অনলাইন পদ্ধতিৰে শিক্ষাৰ্থীক পাঠদান কৰোৱা হৈছিল যদিও বহু ছাত্ৰ-ছাত্ৰীয়ে এনড্ৰ’ইড ম’বাইলৰ অভাৱ আৰু নেটৱৰ্কৰ অসুবিধাৰ বাবে পাঠ গ্ৰহণত সমস্যাৰ সৃষ্টি হৈছিল ।
সেয়ে শৈক্ষিক দিশত ছাত্ৰ-ছাত্ৰীসকলৰ যথেষ্ট ক্ষতি হৈছিল । এতিয়া পুনৰ বিদ্য়ালয়ত পাঠদান আৰম্ভ হোৱাত আনন্দিত হৈ পৰিছে শিক্ষাৰ্থীসকল । উল্লেখ্য যে, শেহতীয়া কেবিনেট বৈঠকত দশম শ্ৰেণীৰ পাঠদান পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।
এটা শ্ৰেণীকোঠাত ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক বহিবলৈ অনুমতি দিয়া হৈছে । লগতে দশম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০ শতাংশ হ্ৰাস কৰাৰো সিদ্ধান্ত লৈছিল শিক্ষা বিভাগে । পৰ্যায়ক্ৰমে আন আন শ্ৰেণীৰ পাঠদান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক: দীৰ্ঘদিনৰ মূৰত বিদ্যালয় খোলাত উৎফুল্লিত জ্যোতি বিদ্যাপীঠৰ শিক্ষাৰ্থীসকল