বৰপেটা, ২৭ মে': অসমৰ প্ৰতিখন জিলাৰ লগতে বৰপেটা জিলাতো ক্ৰমান্বয়ে দ্ৰুত গতিত বৃদ্ধি পাইছে মহমাৰীত আক্ৰান্ত আৰু নিহতৰ সংখ্যা । বুধবাৰে জিলাখনত নতুনকৈ ১৭৯ জন লোক মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে । বিপৰীতে পুনৰ এজন লোকে মহমাৰীৰে যুঁজি প্ৰাণ হেৰুৱায় । ইয়াৰ সৈতে জিলাখনত মৃত লোকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি হয়গৈ ।
বৰপেটাত পুনৰ এজনৰ মৃত্যু মহমাৰী কৰ'ণাৰ ফলত - পুনৰ এজন লোকে মহমাৰীৰে যুঁজি প্ৰাণ হেৰুৱায়
বুধবাৰে বৰপেটাত ১৭৯ জন লোক মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে । আনহাতে, পুনৰ এজন লোকে মহমাৰীৰে যুঁজি প্ৰাণ হেৰুৱাত জিলাখনত মৃত লোকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি হয়গৈ ।
![বৰপেটাত পুনৰ এজনৰ মৃত্যু মহমাৰী কৰ'ণাৰ ফলত barpeta covid death case](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11913761-650-11913761-1622089926435.jpg)
বৰপেটাত পুনৰ এজনৰ মৃত্যু মহমাৰী কৰ'ণাৰ ফলত
বৰপেটাত মুঠ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৪৯৭৮ জনলৈ বৃদ্ধি ৷ মুঠ আক্ৰান্তৰ হাৰ হৈছে ৪·০৪ শতাংশ । ইপিনে উক্ত দিনটোলৈকে বৰপেটাত মুঠ ২৭৮২ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ বুধবাৰৰ দিনটোত বৰপেটাত চিকিৎসাধীন ৰোগীৰ সংখ্যা ২১০৫ গৰাকী ৷ একেটা দিনতে জিলাখনত ৪৪২৫ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হয় । ইয়াৰে ভিতৰত ১৭৯ জন লোকৰ দেহত ধৰা পৰে মহমাৰীৰ অৱস্থিতি ।
লগতে পঢ়ক: অসমত বিভিন্ন সংগঠনৰ ক'লা দিৱস পালন