অসম

assam

কৰ্ম সংস্থাপনৰ অভাৱত বহিৰাজ্যত কৰ্মৰত অসমীয়া যুৱক

By

Published : Jul 28, 2020, 6:09 PM IST

বহিৰাজ্যত কৰ্মৰত যুৱক নিজ ঘৰলৈ আহি হৈ পৰিছে কৰ্মহীন ৷ বহিৰাজ্যত কৰ্মৰত বাক্সা জিলাৰ এখন গাঁৱৰ অৰ্ধ শতাধিক যুৱকে এতিয়া কাম বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে ৷ পৰিয়াল চলাবলৈ এই যুৱকসকলৰ হাতত নাই এতিয়া ধন ৷

বাক্সাৰ চি ব্লক গাঁৱৰ অৰ্ধশতাধিক যুৱক কৰ্ম সংস্থাপনহীন
কৰ্ম সংস্থাপনৰ অভাৱত বহিৰাজ্যত কৰ্মৰত অসমীয়া যুৱক

বৰমা, 28 জুলাই : কৰ'ণাই বিপদ মাতিছে ৰাজ্যৰ একাংশ শিক্ষিত যুৱকৰ জীৱনলৈ ৷ বহিৰাজ্যত কৰ্মৰত যুৱক নিজ ঘৰলৈ ঘূৰি আহি হৈ পৰিছে এতিয়া কৰ্ম সংস্থাপনহীন ৷ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ চি ব্লক গাঁৱৰ যুৱকসকল এনে সমস্যাৰ সন্মুখীন হ'বলগা হৈছে ৷ গাঁওখনৰ অৰ্ধ শতাধিক যুৱক বহিৰাজ্য চেন্নাইৰ কোম্পানীত বিগত কিছুবছৰৰ পৰা নিয়োজিত হৈ আছিল ৷ কোম্পানীত কাম কৰিয়েই গাঁৱত থকা তেওঁলোকৰ পৰিয়ালকো পোহপাল দি আহিছিল এই যুৱকসকলে ৷ কিন্তু,কৰ'ণা মহামাৰীয়ে এই যুৱকসকলৰ লগতে পৰিয়ালসমূহলৈও তীব্ৰ সংকট কঢ়িয়াই আনিছে ৷

কৰ্ম সংস্থাপনৰ অভাৱত বহিৰাজ্যত কৰ্মৰত অসমীয়া যুৱক

লকডাউনৰ প্ৰথম ভাগতে চেন্নাইৰ পৰা অসম চৰকাৰৰ সহযোগত গৃহভূমিলৈ আহিছিল চি ব্লক গাঁৱৰ অৰ্ধ শতাধিক যুৱক ৷ চৰকাৰী কোৱাৰেন্টাইনৰ সকলো নিয়ম শেষ কৰি এতিয়া নিজৰ ঘৰতে বন্দী হৈ আছে যুৱকসকল ৷ এই যুৱকসকলে এতিয়া বিচাৰি পোৱা নাই কৰ্মসংস্থাপন ৷ ভূমিৰ অভাৱৰ বাবে কৃষিক্ষেত্ৰত কৰ্ম কৰাৰো সুবিধা নাই তেওঁলোকৰ ৷ ফলত শুই বহিয়েই দিন পাৰ কৰিব লগীয়া হৈছে যুৱকসকলে ৷

কৰ্ম সংস্থাপনৰ অভাৱত বহিৰাজ্যত কৰ্মৰত অসমীয়া যুৱক

চৰকাৰে এনৰেগা আঁচনিৰ জৰিয়তে বহিৰাজ্যৰ পৰা অহা যুৱকসকলক কৰ্ম সংস্থাপন দিয়াৰ কথা ঘোষণা কৰিছে যদিও জবকাৰ্ড পাবলৈ সক্ষম হোৱা নাই এইসকল যুৱকে ৷ উপাৰ্জনহীন এইসকল যুৱকে এতিয়া এমুঠি অন্নৰ কাৰণেও কৰিব লগা হৈছে হাহাকাৰ ৷ দীৰ্ঘদিন ধৰি কোম্পানীত কাম কৰা কাৰণে তেওঁলোকক কোনো লোকে দিন হাজিৰা কৰিবলৈও নামাতে ৷ ফলত এই যুৱকসকল কৰ্ম সংস্থাপনক লৈ চিন্তিত হৈ পৰিছে ৷

লগতে পঢ়ক :অখিল গগৈৰ মুক্তিৰ দাবীত সোণাৰিত প্ৰতিবাদী কাৰ্যসূচী

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details