বাক্সা, 7 জুলাই : বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত নাগ্ৰীজুলিত মংগলবাৰে আবেলি অনাকাংক্ষিতভাৱে মৃত্যুক আঁকোৱালি লয় এজন যুৱকে ৷ ভূটান পাহাৰৰ পৰা বৈ অহা বৰনদী লৈ গৰু চৰাবলৈ গৈ যুৱকজনৰ সলিল সমাধি ঘটে বুলি জানিবলৈ দিয়ে স্থানীয় সূত্ৰই । মৃত যুৱকগৰাকী গুৱাবাৰী হস্তীনাপুৰ গাঁৱৰ সনাতন দাস ।
গৰু চৰাবলৈ গৈ যুৱকৰ সলিল সমাধি - বৰনদী
বাক্সাৰ গুৱাবাৰীৰ বৰনদীত যুৱকৰ সলিল সমাধি । গৰু চৰাবলৈ গৈ অকাল মৃত্যুক সাৱটিলে যুৱকজনে ৷

youth death in baksayouth death in baksa
গৰু চৰাবলৈ গৈ যুৱকৰ সলিল সমাধি
ঘটনাস্থলীত নাগ্ৰীজুলিৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৈলাশ মালাকৰ উপস্থিত হৈ ৰাইজৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি নাগ্ৰীজুলি আৰক্ষীচকীলৈ লৈ যায়। পাচত আৰক্ষীয়ে মৰণোত্তোৰ পৰীক্ষাৰ বাবে মৃতদেহটো মুছলপুৰলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । যুৱকজনৰ অকাল মৃত্যুৰ ফলত সমগ্ৰ আঞ্চলটোত শোকৰ ছাঁ পৰা পৰিলক্ষিত হয় । উল্লেখ্য যে, প্ৰায় এসপ্তাহ পূৰ্বেও অনুৰূপ ধৰণে মৃত্যু ঘটিছিল অঞ্চলটোৰ আন এজন লোকৰ ৷
লগতে পঢ়ক : আৰক্ষীৰ জালত চন্দ্ৰ ইংতিৰ হত্যাকাৰী